27 C
Guwahati
Friday, October 22, 2021
More

    শিক্ষকৰ কামনাৰ বলি এটি ৬ বছৰীয়া কণমানি, গ্ৰেপ্তাৰ লম্পট শিক্ষক

    শুকুৰবাৰে সংঘটিত হয় এই ঘটনাটো। আৰক্ষীয়ে ক'লে যে শনিবাৰে ছাত্ৰীগৰাকীৰ মাতৃয়ে কৰা অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হয়

    পুনৰ এটি কনমানিৰ মৰণকাতৰ চিঞৰ। কাঠুৱা, আলিগড়াৰ পিছতো হ্ৰাস হোৱা নাই বৰ্বৰতা। এইবাৰ উত্তৰ প্ৰদেশৰ বান্দা জিলাত এটি ৬ বছৰীয়া কণমানিক ক্ৰন্দন। গাঁও এখনৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকক ৬ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কণমানি ছাত্ৰীগৰাকীক মেডিকেল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

    শুকুৰবাৰে সংঘটিত হয় এই ঘটনাটো। আৰক্ষীয়ে ক’লে যে শনিবাৰে ছাত্ৰীগৰাকীৰ মাতৃয়ে কৰা অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হয়।

    বিদ্যালয় ছুটিৰ পিছত লম্পট শিক্ষকজনে টিউচনৰ বাবে ৰখাই থৈ দিয়ে ৬ বছৰীয়া ছাত্ৰীগৰাকীক আৰু তাইৰ ভাতৃক। ইয়াৰ পিছত ভাতৃক চকলেট কিনিবলৈ দোকানলৈ পঠিয়াই দি ছাত্ৰীগৰাকীক শৌচাগাৰলৈ নি সংঘটিত কৰে এই জঘন্য কৰ্ম।

    পিছত যেতিয়া কণমানি ছাত্ৰীগৰাকীৰ ভাতৃ দোকানৰ পৰা উভতি আহে তেতিয়া শৌচাগাৰৰ পৰা ভগ্নীৰ কান্দোন শুনে। শৌচাগাৰৰ দুৱাৰ ঢকিউৱাত অভিযুক্ত শিক্ষকজনে দুৱাৰখন খোলে আৰু সেই স্থানৰ পলায়ন কৰে। ছাত্ৰীগৰাকীয়ে মাতৃক সকলো কথা বিৱৰি কয় আৰু পিছত শিক্ষকজনৰ বিৰুদ্ধে বলাত্কাৰৰ গোচৰ ৰুজু কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং