23 C
Guwahati
Thursday, October 28, 2021
More

    ৰে’লৰ আগত পৰি আত্মহত্যা যুৱকৰ

    বোকানলা ৰে'ল লাইনত মূৰকংচেলেৰ পৰা ডেকাৰগাঁও অভিমুখী নামনিমুৱা যাত্ৰীবাহী ৰেলৰ চেপাত যুৱকজনৰ মৃত্যু হয়

    লখিমপুৰ জিলা ৰে’ল বিভাগৰ অধীনৰ চিয়াজুলি ৰে’ল ষ্টেচনৰ সমীপত বোকানলাত আজি পুৱা প্ৰায় ৬ মান বজাত এজন যুৱকে ৰে’লৰ আগত পৰি আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকানলা ৰে’ল লাইনত মূৰকংচেলেৰ পৰা ডেকাৰগাঁও অভিমুখী নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ চেপাত যুৱকজনৰ মৃত্যু হয়।

    মৃত যুৱকজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বোকানলা গোপালপুৰ গাঁৱৰ নিৱাসী চুচেন বৰকাকতীৰ পুত্ৰ হেমন্ত ওৰফে যদু বৰকাকতী (৩০) বুলি জানিব পৰা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং