30 C
Guwahati
Saturday, October 23, 2021
More

    কেনে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ? গোলাঘাটৰ এখন চৰকাৰী বিদ্যালয়ে উদঙাইছে স্বৰূপ

    বতাহ বৰষুণ দিলেই বিদ্যালয় চুটি দিবলগীয়া হয় শিক্ষক-শিক্ষয়িত্ৰীসকলে

    ৰাজ্যত কিদৰে চলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগ। পৰিৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰে কিমান পৰিৰ্তন আনিলে? গোলাঘাটৰ এখন চৰকাৰী বিদ্যালয়। বাঁহেৰে নিৰ্মিত জৰাজীৰ্ণ এই বিদ্যালয়খনৰ নাম কৌমুদী প্ৰাথমিক বিদ্যালয়।

    গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত আঠাবাৰী গাঁৱত অৱস্থিত এই বিদ্যালয়খনত মাত্ৰ দুটা কোঠাতেই চলে ৫টাকৈ পাঠদান। বহিবলৈ ডেস্ক বেঞ্চ মাত্ৰ ৫যোৰ। বতাহ বৰষুণ দিলেই বিদ্যালয় চুটি দিবলগীয়া হয় শিক্ষক-শিক্ষয়িত্ৰী সকলে।

    জীৱনৰ আদিপাঠ গ্ৰহণ কৰা কণকণ ছাত্ৰ-ছাত্ৰীসকলে অতি ভয় শংকাৰে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে এই বিদ্যালয়খনত। ১৯৭৮ চনতে প্ৰতিষ্ঠা লাভ কৰা এই প্ৰাথমিক বিদ্যালয়খন ২০১৩ চনত চৰকাৰীকৰণ কৰা হ’ল যদিও আজি পৰ্য্যন্ত কোনো ধৰণৰ আন্তঃগাঁঠনি উন্নয়নৰ ওপৰত গুৰুত্ব নিদিলে চৰকাৰে।

    Photo Credit:@rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং