15 C
Guwahati
Tuesday, January 25, 2022
More

    এখন থানালৈ আহি মনত শান্তি জাগিব আপোনাৰ! ক’ত সেই ব্যতিক্ৰমী আৰক্ষী থানা?

    আৰক্ষী চকীখনৰ চৌহদত থকা নানাৰঙী ফুলৰ সমাহাৰে মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিক

    বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ এই আৰক্ষী চকীখন হৈছে তামুলপুৰ থানৰ অন্তৰ্গত দৰংগামেলা আৰক্ষী চকী ৷ ভূটান ৰাষ্ট্ৰৰ ছানদ্ৰুপ জংখাৰ জিলাৰ সমীপতে লাগি থকা এই আৰক্ষী চকীখন এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ আৰক্ষী চকীখনৰ যি ফালে চোৱা যায় সেইফালে মাথো নানাৰঙী ফুল ৷ দৰংগামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৰচোং নাৰ্জাৰীৰ অক্লান্ত পৰিশ্ৰম আৰু প্ৰতিগৰাকী কনিষ্টবল আৰু হোমগাৰ্ডৰ প্ৰচেষ্টাত আৰক্ষী চকীখনৰ চৌহদত এনেদৰে ঠন ধৰি উঠিছে নানাৰঙী ফুলে ৷

    ডালিয়া, নাৰ্জিকে ধৰি নানাৰঙী ফুলে হাতবাউল দি মাতে বাটৰুৱাক ৷ আৰক্ষী চকীখনৰ চৌহদত থকা নানাৰঙী ফুলৰ সমাহাৰে মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিক৷ ফুলৰ বাগিচাৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া দেৰচোং নাৰ্জাৰীৰ ভাষাত আৰক্ষী সকলো সৌন্দৰ্যৰ পূজাৰী ৷ জনসাধাৰণে আৰক্ষীৰ লোকক কঠোৰ বুলি ভাবিলেও আচলতে আৰক্ষীলোক সকলৰো এটা ভাল মন আছে ৷

    তেওঁ ৰাজ্যখনৰ প্ৰতিখন থানা বা আৰক্ষী চকীত একোখন ফুলনি বাগিছা স্থাপন কৰিবলৈও আহ্বান জনায় ৷ আৰক্ষী বিষয়াগৰাকীৰ ভাষাত ফুলনি বাগিছা দেখিলেই যেন থানাত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ মনলৈ শান্তি আহে ৷ ইফালে দৰংগামেলা আৰক্ষী চকীত এনেদৰে এখন ফুলনি বাগিছা গঢ়ি তোলা কাৰ্যক স্থানীয় লোকেও প্ৰশংসা কৰিছে ৷ বিশেষকৈ আৰক্ষী বিষয়াগৰাকীয়ে চাকৰিত যোগদান কৰি চকীখনৰ উন্নয়নৰ বাবে কৰা কাৰ্যক ভূয়সী প্ৰশংসা কৰে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং