27 C
Guwahati
Friday, August 5, 2022
More

    পিতাইৰ আদ্যশ্ৰাদ্ধৰ বাবে খৰি যোগাৰ হ’ল, ঘুৰি আহিবিঃ TIME8ৰ জৰিয়তে পুত্ৰক পিতৃৰ আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ এগৰাকী মাতৃৰ

    ২০১৪ চনতে কৰ্মৰ সন্ধানত মহাৰাষ্ট্ৰলৈ যোৱা পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে যোগাযোগ কৰাত অসমৰ্থ পৰিয়াল৷ প্ৰথম এবছৰ যোগাযোগ হৈছিল যদিও পিছত কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে

    TIME8ৰ জৰিয়তে পুত্ৰলৈ এক অনুৰোধ এগৰাকী মাতৃৰ৷ ছয় বছৰ পুত্ৰৰ সৈতে বিচিন্ন হোৱাৰ বেদনা সহি পৃথিৱীৰ পৰা চিৰবিদায় মাগে এজন লোকে৷ এই মৰ্মান্তিক ঘটনা টীয়কৰ জগদুৱাৰৰ৷ যোৱা ২৩ নৱেম্বৰ তাৰিখে দিব্যলতা বৰদলৈৰ স্বামী বিপিন বৰদলৈয়ে মৃত্যুক সাৱটি ল’লে৷ TIME8ৰ জৰিয়তে পিতৃৰ মৃত্যুৰ বাতৰি পুত্ৰই লাভ কৰিলে ৪ ডিচেম্বৰত হ’বলগীয়া পিতৃৰ আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ মাতৃ দিব্যলতা বৰদলৈৰ৷

    Debajit Bordoloi, Photo: Tim8

    ২০১৪ চনতে কৰ্মৰ সন্ধানত মহাৰাষ্ট্ৰলৈ যোৱা পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে যোগাযোগ কৰাত অসমৰ্থ পৰিয়াল৷ প্ৰথম এবছৰ যোগাযোগ হৈছিল যদিও পিছত কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে৷ দেৱজিত এতিয়া কেনে আছে, ক’ত আছে একো নাজানে পৰিয়ালৰ লোকে৷ পুত্ৰ সন্ধানহীন হোৱাত পিতৃ বিপিন বৰদলৈয়েও এবুকু দুখ লৈ মেলানি মাগিলে পৃথিৱীৰ পৰা৷ খবৰটোৱে অঞ্চলটোৰ সকলো লোককে শোকাহত কৰি তুলিছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং