চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে। দীৰ্ঘদিনে মানৱসমাজৰ নিৰ্যাতনৰ বলি হৈ প্ৰদূষিত হোৱা কলঙে যেন পুনৰ ঘূৰাই পালে নিজৰ ৰূপ। মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং প্ৰাকৃতিকভাৱে পৰিস্কাৰ হ’ল। নগাঁৱৰ আয়ুসৰেখা স্বৰূপ কলং নৈ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সমাজ জীৱনৰ বহু পুৰুধা ব্যক্তিক আকৰ্ষিত কৰিছিল কলঙৰ চঞ্চলা ৰূপে।

কিন্তু ৭০ৰ দশকত হাতীমূৰাত কলঙৰ মুখ বান্ধি দিয়াৰ পিছতে লাহে লাহে বেদখলৰ লগতে দায়িত্বজ্ঞানহীন লোকে জাৱৰ-জোঁথৰ পেলাই প্ৰদূষিত কৰাৰ পিছতে কদৰ্যময় হৈ পৰিছিল এই নৈ। কলঙক প্ৰদূষণমুক্ত কৰাৰ নামতো পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত সংঘটিত হ’ল বহু কোটিটকীয়া কেলেংকাৰী।বৰ্তমানৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তয়ো কলং প্ৰদূষণমুক্ত কৰিম বুলি কোৱা শ্লোগান বাস্তৱায়িত ন’হল।

বিগত এমাহত লকডাউনৰ সময়ছোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ ফলতে পৰিস্কাৰ হৈছে কলং নৈ। এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইয়ো। উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই হওক বা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰেই হওক কোনো এখন চৰকাৰেই কৰিব নোৱাৰা কাম অৱশেষত কৰি দেখুৱালে প্ৰকৃতিয়ে।
Input & Photo: Biju Gohain
Main Photo Credit: Flickr