27 C
Guwahati
Thursday, October 14, 2021
More

    ৰাজ্যৰ এখন গাঁৱত চলিছে কঠোৰ নিয়ম, য’ত নিষিদ্ধ লংপেন্ট-জোতা

    গাড়ী চালনাৰ ক্ষেত্ৰতো আছে কঠোৰ বাধা নিষেধ

    নগাঁও জিলাৰ কঠিয়াতলীৰ নামবৰ গাঁৱলৈ আপোনাাৰ যাবলগীয়া আছে নেকি? যদি তালৈ যাবলগীয়া আছে তেন্তে আপুনি চলন-ফুৰণত কিছু সাৱধান হ’ব লাগিব। কাৰণ সামাজিক নীতি নিয়ম নামানি যদি আপুনি গাঁওখনত প্ৰৱেশ কৰে তেনেহ’লে আপুনি চৰম শাস্তিৰ সন্মুখীন হ’ব লাগিব।

    অবিশ্বাস্য হ’লেও সত্য, এইখন গাঁৱত নিষিদ্ধ কৰা হৈছে লংপেন্ট আৰু জোতা। অৱ্শ্য চাৰিদিনৰ বাবেহে কৰা হৈছে কঠোৰ নিয়ম। কিয়নো নগাঁও জিলাৰ কঠিয়াতলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে মধ্য অসমৰ তিৱা সকলৰ ছগ্ৰা পূজা।

    বুধবাৰৰ পৰা অনুস্থিত হৈ থকা এই ছগ্ৰা পূজাৰ এক বিশেষত্ব আছে। পূজা চলি থকা কেইদিন কঠিয়াতলিৰ এই তিৱা গাঁও কেইখনত তিৱা সকলৰ ৰাজত্ব চলে। পূজা চলি থকা কেইদিনত কোনো ব্যক্তিয়ে জোতা-চেণ্ডেল-লংপেন্ট পিন্ধি গাঁও কেইখনত প্ৰৱেশ কৰিব নোৱাৰিব।

    গাড়ী-মটৰ-চাইকেল আদি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো বহু নীতি-নিয়ম আৰোপ কৰা হৈছে। এই নিয়ম অমান্য কৰি সাংবাদিক, আৰক্ষী তথা মন্ত্ৰী বিধায়ক আদিয়ো প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে পূজাস্থলীলৈ নিৰ্দিষ্ট নীতি নিয়মৰ মাজত সকলোৱেই যাব পাৰে।

    পূজাস্থলীত নীতি-নিয়ম অমান্য কৰা সকলক শান্তি দিবৰ কাৰণে চিপাহীৰ পৰা ডিআইজি লৈকে নিজা সুৰক্ষা বাহিনীক দায়িত্ব দিয়া থাকে। নিয়ম অমান্য কৰা সকলক সুৰক্ষাকৰ্মীয়ে ৰছীৰে বান্ধি বৰঘৰত থকা শীৰ্ষ পদবীৰ ব্যক্তিৰ হাতত গতাই দিয়ে। বৰঘৰৰ মুৰব্বী সকলৰ সিদ্ধান্ত অনুসৰি নীতি-নিয়ম অমান্য কৰা সকলক শাস্তি প্ৰদান কৰা হয়।

    Photo Credit: @rupjyotibhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং