20 C
Guwahati
Saturday, January 29, 2022
More

    হোজাইত চোৰাং কাঠ ব্যৱসায়ীক গুলিয়াই হত্যা

    মৃতদেহৰ কাষত উদ্ধাৰ ৩খনকৈ চাইকেল

    হোজাই দক্ষিণ লস্কৰ পথাৰত গুলীচালনাত মৃত্যু হৈছে এজন লোকৰ।নিশা চৈইফ উদ্দীন নামৰ এজন লোকক গুলিয়াই হত্যা।চৈইফ উদ্দীনৰ দেহৰ পিঠিত গুলিৰ চিন স্পষ্ট। চৈইফ উদ্দিনে চোৰাং ভাৱে ময়নাপুৰ বনাঞ্চলৰ পৰা সঘনাই চেগুণ কাঠৰ ব্যৱসায় কৰিছিল।

    লংকা এন এৰিয়াত থকা অবৈধ কাঠ ফলা মিলত কাঠ যোগান ধৰিছিল চৈইফৰ লগতে আন কেইবাজনেও।

    মৃতদেহৰ কাষত উদ্ধাৰ ৩খনকৈ চাইকেল।চাইকেলত চেগুন গছৰ কুণ্ডা আছিল।হত্যাৰ অন্তৰালত বন মাফিয়া থকাৰ সন্দেহ আৰক্ষীৰ।হত্যাকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং