22 C
Guwahati
Saturday, November 27, 2021
More

    কৰিমগঞ্জত ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰোহী

    অবৈধভাৱে মাটি কাটি কঢ়িওৱা ডাম্পাৰে লোকজনক খুন্দিয়াই থৈ গৈছিল বুলি অভিযোগ উত্থাপিত হৈছে

    কৰিমগঞ্জৰ এৰালিগুলত ভয়ংকৰ দুৰ্ঘটনা। অবৈধভাৱে মাটি কঢ়িওৱা এখন ডাম্পাৰৰ খুন্দাত নিহত হৈছে এগৰাকী মূকবধিৰ চাইকেল আৰোহী। পেচাত দিন হাজিৰা কৰা লোকজনৰ নাম বাবুল হুছেইন। এখন নম্বৰবিহীন ডাম্পাৰে লোকজনক খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলাই যায়। চেৰাগী ফাকুৱাগাঁও গড়কাপ্তানি পথত সংঘটিত হৈছে এই ঘটনা। পিছে স্থানীয় লোকৰ সহযোগত লোকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসা চলি থকা অৱস্থাতে মৃত্যু হয় লোকজনৰ।

    স্থানীয় লোকৰ অভিযোগ মতে, এৰালিগুল এলেকাৰ ছেলিম উদ্দিন নামৰ লোক এজনৰ পৰিয়ালৰ কোনো এজন সদস্যৰ ডাম্পাৰৰ খুন্দাত লোকজন নিহত হৈছে। ছেলিম উদ্দিনসহ তেওঁৰ আন ভাতৃৰ আছে কেবাখনো জেচিবি আৰু ডাম্পাৰ। পৰিয়ালৰ প্ৰতি গৰাকী ভাতৃয়ে এৰালিগুল এলেকাৰ বনাঞ্চলৰ পৰা বহুদিন ধৰি অবৈধভাৱে মাটি কাটি বিক্ৰী কৰি আহিছে বুলি অভিযোগ কৰে স্থানীয় লোকে।

    কিন্তু প্ৰশাসন আনকি স্থানীয় বিধায়ক এই ক্ষেত্ৰত নিমাত। আনকি লক ডাউনৰ সময়চোৱাতো টিলাৰ ৰঙা মাটি কাটি বিভিন্ন নিৰ্মাণ সংস্থাক যোগান ধৰি আহিছে। যোৱা নিশাও লকডাউন ভংগ কৰি ছেলিম উদ্দিনৰ পৰিয়ালৰ লোকে অবৈধভাৱে মাটি কাটিছিল আৰু সেই মাটি কঢ়িওৱা ডাম্পাৰে খুন্দিয়াই থৈ গৈছিল বুলি অভিযোগ উত্থাপন কৰিছে এলেকাৰ স্থানীয় লোকে।

    Photo Credit:Nityanand.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং