25 C
Guwahati
Thursday, October 21, 2021
More

    মাজুলীত এজন ভাড়াঘৰৰ মালিকে ৰেহাই দিলে ৫০ শতাংশ ভাড়া

    স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাড়াঘৰৰ মালিকক ভাৰা ৰেহাই দিয়াৰ বাবে আহ্বান জনাইছিল

    বৰ্তমান সময়ত লকডাউনত চৰম আৰ্থিক অনাটনত দিন অতিবাহিত কৰিছে ভাড়াঘৰত থাকি হাজিৰা কৰি অথবা অন্যান্য ব্যক্তিগত খণ্ডত কাম কৰি পৰিয়াল পোহপাল দিয়া লোকসকল৷ এফালে পৰিয়াল পোহপালৰ খৰচ আনফালে ঘৰৰ ভাড়া মূৰ কামোৰণি স্বৰূপ হৈ পৰিছে এই লোকসকলৰ৷ যাৰ বাবে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাড়াঘৰৰ মালিকক ভাৰা ৰেহাই দিয়াৰ বাবে আহ্বান জনাইছিল৷

    এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাজুলীৰ এজন ব‍্যক্তিয়ে তেওঁৰ ভাড়াঘৰত থকা ভাড়তীয়াসকলৰ বাবে লৈ আহিছে এক শুভ সংবাদ৷মাজুলী বনগাঁৱৰ বাবা শ‌ইকীয়া নামৰ ভাড়ঘৰৰ মালিকজনে তেওঁৰ ভাড়াঘৰত থকা ভাড়াতীয়াসকলক ৫০% ভাড়া ৰেহাই দিছে।

    লকডাউনৰ ফলত সমগ্ৰ অসমৰ লগতে মাজুলীৰ বিভিন্ন স্থানত ভাড়াঘৰত থাকি হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকল বৰ্তমান চৰম আৰ্থিক অনাতনৰ মাজত সদিন অতিবাহিত কৰিছে। মাজুলীৰ সচেতন মহলে মাজুলী বনগাঁৱৰ বাবা শইকীয়াৰ দৰে আন ভাড়ঘৰৰ মালিককো ভাড় ৰেহাই দিয়াৰ অনুৰোধ জনাইছে৷

    Photo:Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং