29 C
Guwahati
Wednesday, October 13, 2021
More

    অনা অসমীয়াৰ দপদপনি, নিযুক্তি পত্ৰ পোৱাৰ পিচতো নিযুক্তি লাভৰ পৰা বঞ্চিত এগৰাকী অসমীয়া দিব্যাংগ যুৱক

    জ্যোতিষে ২০১৯ চনৰ ২৬ ডিচেম্বৰত লাভ কৰিছিল নিযুক্তি পত্ৰ

    উত্তৰ পূৱ সীমান্ত ৰেল’ত অনা অসমীয়া বিষয়াৰ দপদপনি৷ নিযুক্তি পত্ৰ পোৱাৰ পিচতো নিযুক্তি লাভৰ পৰা বঞ্চিত এগৰাকী দিব্যাংগ যুৱক৷ নিযুক্তি পত্ৰ লৈ এতিয়া কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰিও নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ’ল৷ এই দুৰ্ভগীয়া যুৱকজনৰ নাম জ্যোতিষ ৰাজবংশী৷

    ৰেল’ বিভাগত নিযুক্তি পায়ো যোগদানৰ পৰা বঞ্চিত এইগৰাকী দিব্যাংগ৷ দুমাহে যোগদান কৰিব পৰা নাই বাক্সাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নিছলামাৰীৰ জ্যোতিষে৷ জানিব পৰা মতে ২০১৮ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা জ্যোতিষে ৰেল’ বিভাগৰ এক বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে আবেদন কৰিছিল৷

    দিব্যাংগ সকলৰ বাবে সংৰক্ষিত আসনত পৰীক্ষাত অৱতীৰ্ণ হৈ জ্যোতিষে ২০১৯ চনৰ ২৬ ডিচেম্বৰত লাভ কৰে নিযুক্তি পত্ৰ৷ পিচত জ্যোতিষে নিযুক্তি পত্ৰ লৈ বঙাইগাওঁত নিযুক্তিৰ বাবে যায় যদিও অন্ধ হোৱাৰ বাবে ঘুৰাই পঠায়৷ লগতে পিচত মাতিম বুলিও কৈ পঠায়৷

    কিন্তু বিগত বিগত দুমাহ ধৰি জ্যোতিষে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহল৷ এই লৈ এতিয়া জ্যোতিষৰ দৰিদ্ৰ ঘৰখনতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ অন্ধ হোৱাৰ বাবেই ৰেল’ৱে বিভাগত যোগদানৰ পৰা বঞ্চিত হ’ব নেকি জ্যোতিষ?

    Photo Credit: Nanda Burathoki Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং