22 C
Guwahati
Sunday, December 5, 2021
More

    হোজাইত অস্ত্ৰোপ্ৰচাৰ কৰি উঠা ৰোগীৰ হাস্পতালতেই আত্মহত্যা

    নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতো সাংবাদিকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছিল হাস্পতাল কর্তৃপক্ষই

    হোজাইত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অস্ত্ৰোপ্ৰচাৰ কৰি উঠা এগৰাকী লোকে হাস্পতালতেই আত্মহননৰ পথ বাছি লয়।

    হোজাইৰ হাম হাস্পতালত সংঘটিত হৈছে এই ঘটনা। হাস্পতালখনৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা লোকজনৰ।

    নিশা আত্মহত্যা কৰা ৰোগীজন পেছাত এজন শিক্ষক আছিল।

    পৰিতুচ্ছ দেৱ নাথ নামৰ লংকা এন এৰিয়া শিক্ষক জনে হাস্পতালতে আত্মহত্যা কৰা ঘটনাই এতিয়া হোজাইৰ শিক্ষক সমাজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    পৰিতুচ্ছ দেৱ নাথ লংকা বিবেকানন্দ পাঠশালা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল।

    ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি হাস্পতাল কৰ্তৃপক্ষই লোকজনক হাস্পতালৰ পৰা ৰিলিজ দিছিল বুলি অৱগত কৰে যদিও ইয়াৰ অন্তৰালত কিছু ৰহস্য গোন্ধ পোৱা গৈছে।

    অস্ত্ৰোপচাৰ ক্ষেত্ৰত বা হাস্পতালত ভৰিব লগা বৃহৎ পৰিমাণৰ ধনৰাশিৰ বাবে আত্মহত্যাৰ আশংকা কৰিছে স্থানীয় লোক তথা শিক্ষক সমাজে।

    আনহাতে নিশা ঘটনা স্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতো সাংবাদিকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছিল হাস্পতাল কর্তৃপক্ষই।

    Photo credit: @sohidulalam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং