হোজাই ডবকাৰ মৰ্কজুল উলুম মাদ্ৰাছাৰ কোৱাৰাণ্টাইন কেন্দ্ৰৰ চৌহদত অঘটন। কেন্দ্ৰটোৰ চৌহদত থকা এজোপা গছত চিপ লৈ এজন লোকৰ আত্মহত্যা৷
পিছে মূল ঘটনা এই যে, আত্মহত্যা কৰা লোকজন কোৱাৰাণ্টাইন কেন্দ্ৰটোৰ আৱাসী নহয়।
জানিব পৰা মতে, মৃত লোকজনৰ নাম ৰহিম উদ্দিন। ঘৰ হোজাইৰ ডবকা চহৰৰ ১০নং ৱাৰ্ডত ৷
ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো গছৰ পৰা নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
লোকজনে কি কাৰণত এনেদৰে আত্মহননৰ পথ বাচি লব লগা হ’ল, তাকো এটা কোৱাৰাইণ্টাইন কেন্দ্ৰৰ চৌহদৰ ভিতৰত সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷
ডবকা আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Photo Credit: @sohidulalam