21 C
Guwahati
Sunday, October 24, 2021
More

    ‘মই দেশৰ কাৰণে ওলাই আহিছোঁ,প্লিজ মোক মাফ কৰি দিবা’-আলফাত যোগদানৰ সন্দেহ নাহৰকটীয়াৰ কিশোৰৰ

    যদিহে জিমে আলফা স্বাধীনত যোগদান কৰিছে তেন্তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি পৰিয়ালৰ আহ্বান ঘূৰাই পঠিৱাওক ঘৰৰ ল'ৰা ঘৰলৈ

    ৰাজ্যত আজিও তীব্ৰতৰ হৈ আছে অস্তিত্বৰ ৰক্ষা যুঁজ। তাৰ মাজতেই উজনি অসমৰ বহু যুৱক ঢাপলি মেলিছে আলফা স্বাধীনলৈ। উল্লেখযোগ্য যে নাহৰকটীয়া চাচনী মোহানি গাঁৱৰ নিৱাসী হিতেশ্বৰ গগৈ আৰু দিপাঞ্জলী গগৈৰ ১৭ বছৰীয়া পুত্ৰ জিম গগৈয়ে শনিবাৰে মৰাণৰ বন্ধুৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল, আৰু তাৰ পিছৰে পৰাই সন্ধানহীন হৈ পৰে কিশোৰটি। ইফালে পৰিয়ালৰ লোকে পুত্ৰক বাৰম্বাৰ ফোন কৰে যদিও ফোনৰ কোনো প্ৰত্যুত্তৰ দিয়া নাছিল জিম গগৈয়ে।

    বাৰম্বাৰ ফোন কৰা দেখি জিমে ককায়েকলৈ প্ৰেৰণ কৰে এইটো মেছেজ য’ত লিখা আছে মই দেশৰ কাৰণে ওলাই আহিছোঁ, মা দেউতা, দাদা দুখ নকৰিবি তহঁতে মোক মাফ কৰি দিবি । এইটো মেছেজ দিয়াৰ পৰাই বন্ধ হৈ পৰে জিম গগৈৰ মোবাইল। এনেদৰে উজনি অসমৰ এজনৰ পাছত আনজন যুৱকে আলফা (স্বাধীন)ত যোগদান কৰা ঘটনাই বিশেষ তাতপৰ্য বহন কৰিছে।

    ইফালে, জিমক সুকলমে ঘৰলৈ উভতি আহিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে । আনকি যদিহে জিমে আলফা স্বাধীনত যোগদান কৰিছে তেন্তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি আহ্বান ঘূৰাই পঠিওৱাক ঘৰৰ ল’ৰা ঘৰলৈ।

    আনহাতে পৰিয়ালৰ লোকে নিৰুদ্দেশ সম্পৰ্কে নাহৰকটীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা কিশোৰগৰাকীৰ।

    Photo Credit:@abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং