ওদালগুৰিৰ কলাইগাঁৱত এগৰাকী নাবালিকাক বিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। অভিযুক্ত লম্পট নয়ন শৰ্মাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অভিযুক্ত যুৱকজনে ধৰ্ষণৰ চেষ্টা চলাইছিল যদিও পৰিয়ালৰ লোক সেই সময়ত উপস্থিত হয় যুৱকজনক হাতে-লোটে কৰায়ত্ত কৰে।
ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত লম্পটটোক আটক কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কলাইগাঁও আৰক্ষীয়ে IPC ৬৪/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰে আৰু যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।