33 C
Guwahati
Sunday, October 10, 2021
More

    পদব্ৰজে পশ্চিমবংগৰ পৰা ৰহা পালেহি এজন

    ২৭ মাৰ্চত পশ্চিমবংগৰ পৰা খোজকাঢ়ি আহিছিল লোকজনে

    বিশ্বাস কৰিবলৈ টান হ’লেও সত্য, যে খোজ কাঢ়িয়েই পশ্চিমবংগৰ পৰা ৰহা পালেহি এজন। লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰিছিল লোকজন। পিছত পানী আৰু খাদ্যৰ অভাৱত আনহাতে যাতায়তৰো কোনো আহিলা নথকাত উপায়বিহীন হৈ ২৭ মাৰ্চত পশ্চিমবংগৰ পৰা খোজকাঢ়ি আহিছিল লোকজনে। লোকজনৰ নাম যাদৱ গগৈ।

    খোজকাঢ়িয়েই নগাঁৱৰ আউনীআটীৰ ঘৰলৈ যাত্ৰা কৰিছিল যাদৱ গগৈয়ে। আৰু কেইবাদিনো অন্তত কালি নিশা উপস্থিত হয় ৰহাত। ৰহাৰ এটা জিৰণিকোঠাত শুই থকা অৱস্থাত লোকজনক উদ্ধাৰ কৰি টহলদাৰী আৰক্ষীয়ে। পিছত সোধ পোছ কৰোতেহে ওলাই পৰে এই সমগ্ৰ দৃশ্য। পিছত লোকজনক উদ্ধাৰ কৰি চিভিল হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা ৰহা আৰক্ষীৰ।

    Photo Credit: @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং