26 C
Guwahati
Friday, October 7, 2022
More

    বকোৰ অসমীয়া খবৰ কাকতৰ গাড়ী চালকৰ আত্মহত্যা; হত্যাৰ অভিযোগ পৰিয়ালৰ

    আৰ্থিক সমস্যাই জুৰুলা কৰিছিল গাড়ী চালক ভীষ্ম বড়োক

    অসমীয়া খবৰ কাকতৰ কাৰ্যালয়ত আত্মহত্যাৰ ঘটনা। মঙলবাৰৰ নিশা ফাঁচি লগাই আত্মহত্যা কৰিলে ভীষ্ম বড়ো(৩৩) নামৰ গাড়ী চালকগৰাকীয়ে৷ নিশা মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভীষ্মৰ নশ্বৰ দেহ অনা হয় বকোৰ ১ নং উত্তৰ চেখাদাৰীৰ নিজ গৃহলৈ৷ প্ৰায় ৭/৮ বছৰ পুৰ্বৰে পৰা ভীষ্মই অসমীয়া খবৰৰ কাৰ্যালয়ত গাড়ী চালক হিচাবে কৰ্মৰত আছিল। চাৰিমাহ দৰমহা পোৱা নাছিল চালকগৰাকীয়ে।যাৰ ফলত পত্নী পম্পী দাস বড়ো আৰু শিশু কন্যা নেহা বড়োৰ ভৰণ পোষণত আৰ্থিক সমস্যাই দেখা দিছিল। মাঘৰ বিহুত দুদিন ছুটী লৈ ঘৰলৈও গৈছিল ভীষ্ম।

    কিন্তু ঘৰৰ পৰা দুদিন দেৰিকৈ আহিছিল কৰ্মস্থলীলৈ ভীষ্ম বড়ো। যাৰ বাবে নিৰ্দেশনা দিছিল ভীষ্মলৈ। ঘৰৰ পৰা পইচা খুজি পঠাইছিল ভীষ্মই চছাইতিক দিবৰ বাবে। পত্নীয়ে ৩৫০০ টকা দেওৰেক ভগৱন্ত বড়োৰ হাতত দি পঠাইছিল।কিন্তু সেই পইচা লোৱাই নহ’ল ভীষ্মৰ। পত্নী পম্পী দাস বড়োক ২২জানুৱাৰীৰ ৰাতিপুৱা ৫ বজাত স্বামীৰ মৃত্যু সন্দৰ্ভত জনাইছিল অসমীয়া খবৰৰ কৰ্তৃপক্ষই।

    পৰিয়ালৰ লগতে একাংশ গাঁওবাসীৰ অভিযোগ ভীষ্মক হত্যা কৰি ওলমাই থোৱা হৈছিল। ভীষ্মই অসমীয়া খবৰ কাৰ্যালয়ৰ পাছফালে থকা আৱাসগৃহত পৰিয়াল তথা আত্মীয়ৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই অসমীয়া খবৰৰ কৰ্তৃপক্ষই ভীষ্মক ওলমি থকাৰ পৰা নমাই থৈছিল। আনকি মৃত ভীষ্মৰ গলত আঘাতৰ চিন থকা বুলিও Time8ৰ আগত প্ৰকাশ কৰে পৰিয়ালৰ লোকে। পত্নী পম্পী দাস বড়োয়ে ঘটনা সন্দৰ্ভত আমবাৰী ফটাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

    Graphics: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং