25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: নগাঁৱত ঘৰচীয়া ম’হৰ আক্ৰমণত নিহত ১

    ম'হটোৰ গৰাকী কাতিৰাম বৰা বুলি জানিব পৰা গৈছে

    নগাঁৱৰ কৰৈয়নিত ঘৰচীয়া ম’হৰ আক্ৰমণত নিহত এজন। নিহত লোকজনৰ নাম আব্দুল কৰিম। জানিব পৰা মতে, আব্দুল কৰিমে সৰুচলা বিলত মাছ মাৰি থকা অৱস্থাত আক্ৰমণ কৰে ঘৰচীয়া ম’হটোৱে।

    ম’হটোৰ গৰাকী কাতিৰাম বৰা বুলি জানিব পৰা গৈছে। আনহাতে,ঘটনাস্থলিত ইটাচালী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

    Input & Photo : Biju Gohain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং