29 C
Guwahati
Monday, October 25, 2021
More

    গোৱালপাৰাত ধুমুহাত বিস্তৰ ক্ষতিসাধন; এজনৰ প্ৰাণহানি

    ধুমুহাত ঘৰ ভাঙি লোকজনৰ ওপৰত পৰি যোৱাত তেওঁ থিতাতে নিহত হয়

    যোৱা নিশা হৈ যোৱা প্ৰচণ্ড ধুমুহাৰ ফলত গোৱালপাৰাৰ ভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাৰ ফলত প্ৰাণ হেৰুৱাই এজন লোকে। ধুমুহাত নিহত লোকজন গোৱালপাৰা চহৰৰ সমীপৱৰ্তী দক্ষিণ হাচিলা বিলৰ কেৰামত আলী বুলি জানিব পৰা গৈছে। ধুমুহাত ঘৰ ভাঙি লোকজনৰ ওপৰত পৰি যোৱাত তেওঁ থিতাতে নিহত হয়।

    নিশাই লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। সেই অঞ্চলটোত ধুমহাই বহু ঘৰ বাৰীৰ লগতে গছ গছনিৰ ক্ষতিসাধন কৰে। কেৰামত আলীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং