30 C
Guwahati
Wednesday, October 27, 2021
More

    ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি জালত লম্পট

    ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে গহপুৰ থানাত এজাহাৰ দাখিল কৰে যদিও কেডাৰ মেধি পলাতক অৱস্থাত আছিল

    গহপুৰত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। কেডাৰ মেধি নামৰ লম্পটৰ কামনা বলি হ’ল এগৰাকী ১১ বছৰীয়া কিশোৰী। লম্পট কেডাৰ মেধিৰ ঘৰ গহপুৰৰ দক্ষিণ অঞ্চলৰ আঞ্চলিক চাপৰিত। ছমাহ পূৰ্বে একেখন গাঁৱৰে এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট কেডাৰ মেধিয়ে কামনাৰ চৰিতাৰ্থ কৰে।

    ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে গহপুৰ থানাত এজাহাৰ দাখিল কৰে যদিও কেডাৰ মেধি পলাতক অৱস্থাত আছিল। বুধবাৰে গোপন সূত্ৰৰ ভিত্তিত গহপুৰ আৰক্ষী আৰু আঞ্চলিক চাপৰিৰ কেইবাজনো যুৱকৰ সহযোগত লম্পট কেডাৰ মেধিক আটক কৰিবলৈ সক্ষম হয়। বাৰুলে চাপৰিৰ জংগলৰ মাজত আত্মগোপন কৰি থকা কেডাৰ মেধিক ৰাইজে উত্তম মধ্যম সোধাই গহপুৰ আৰক্ষীক চমজায় দিয়ে। ছমাহ ধৰি আত্মগোপন কৰা লম্পট মেধি বৰ্তমান গহপুৰ আৰক্ষীৰ জালত।

    Photo credit: Moon gogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং