25.4 C
Guwahati
Thursday, October 14, 2021
More

    ছয় নং দফা কমিটীক লৈ অপপ্ৰচাৰ চলিছেঃ ৰূপম গোস্বামী

    সত্যেন গাৰ্গৰ লগত অনানুষ্ঠানিক আলোচনাতহে মিলিত হৈছিল বিপ্লৱ শৰ্মা। অসম চুক্তি বিভাগক কমিটীয়ে জমা দিছে প্ৰতিবেদন

    ছয় নং দফা কমিটীক লৈ অপপ্ৰচাৰ চলিছে। সংবাদমাধ্যমত প্ৰকাশিত বহু বাতৰি উদ্দেশ্যপ্ৰনোদিত। যি বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰি প্ৰতিবেদন যুগুতাইছে কমিটীখনে। বিপ্লৱ শৰ্মা ব্যক্তিগত কামতহে দিল্লীলৈ গৈছিল।’- সংবাদমেলত এই মন্তব্য ৰূপম গোস্বামীৰ।

    সত্যেন গাৰ্গৰ লগত অনানুষ্ঠানিক আলোচনাতহে মিলিত হৈছিল বিপ্লৱ শৰ্মা। অসম চুক্তি বিভাগক কমিটীয়ে জমা দিছে প্ৰতিবেদন। অসমত বহু অপপ্ৰচাৰ পূৰ্বৰ পৰা চলি আহিছে। নাগালীমত শিৱসাগৰ অন্তৰ্ভুক্ত হ’ব বুলিও চলিছিল অপপ্ৰচাৰ। CAA সন্দৰ্ভতো চলিছিল ব্যাপক অপপ্ৰচাৰ। কোন বদনে কাৰ স্বাৰ্থত এনে অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ উত্থাপন কৰে গোস্বামীয়ে।

    কমিটীৰ প্ৰতিবেদন সম্পূৰ্ণ গোপনীয়। ১৫ তাৰিখৰ পৰা ২০ তাৰিখৰ ভিতৰতে ৰিজাল্ট বিচাৰিছে, ৩৫বছৰ যাৰ বাবে অপেক্ষা কৰা হৈছিল। গোপন প্ৰতিবেদন কেনেকৈ ৰাজহুৱা কৰিব বুলিও মন্তব্য বিজেপি নেতাগৰাকীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং