20 C
Guwahati
Saturday, January 29, 2022
More

    জন্মদিনৰ দিনাই COVID19 পজিটিভ ধৰা পৰিল লখিমপুৰৰ এগৰাকী চিকিৎসক

    আনহাতে ইতিমধ্যে চিকিৎসকজনৰ পেহীয়েকৰ পৰিয়ালটোৰ লগতে তেওঁৰ পিতৃ মাতৃকো চিকিৎসা বিভাগে কোৱাৰেন্টাইন কৰাৰ লগতে স্বাৱা পৰীক্ষাৰ ব্যৱস্থা কৰিছে

    জন্মদিনৰ দিনাই COVID-19 পজিটিভ চিনাক্ত হ’ল এগৰাকী চিকিৎসক। স্বাৱ পৰীক্ষাৰ ফলাফলত চিকিৎসকগৰাকীৰ শৰীৰত ধৰা পৰিল মহামাৰী COVID-19ৰ উপস্থিতি।

    জন্মদিনৰ অনুষ্ঠান এৰি এম্বুলেঞ্চত চিকিৎসালয়লৈহে আহিব লগা হ’ আক্ৰান্তগৰাকী।

    ৰাজ্যবাসীৰ বাবে আন এক উদ্বেগজনক খবৰ। লখিমপুৰত এইবাৰ চিকিৎসকৰ দেহত পোৱা গৈছে মাৰাত্মক COVID19।

    লখিমপুৰ OPD কলেজৰ কোৱাৰেন্টাইন চেন্টাৰৰ তত্বাৱধায়ক আছিল চিকিৎসক জন। ২৩/২৪ বছৰীয়া চিকিৎক জনৰ নাম ডাঃ হাছিদ জামান।

    সম্প্ৰতি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে জামানক।

    আজি চিকিৎসক হাচিডৰ জন্মদিন আছিল ৷ জন্মদিন উদযাপন কৰিবলৈ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছিলহি পিতৃ মাতৃও ৷

    কিন্তু জন্মদিন পালনৰ আনন্দ হেৰাই গ’ল নিমিষতে৷ কৰ’ণা ৰোগত আক্ৰান্ত হাচিদ জামানক মৈদমীয়া পেহীয়েকৰ ঘৰৰ পৰা ইতিমধ্যে চিকিৎসালয়লৈ নিয়া হৈছে৷

    পেহীয়েকৰ ঘৰৰ পৰা যোৱা পিছতে চিকিৎসকগৰাকীয়ে সতীৰ্থ জ্যেষ্ঠ চিকিৎসক সকলক অনুৰোধ কৰে। যাতে কোৱাৰাইণ্টাইনৰ নামত হাৰাশাস্তিৰ সন্মুখিন নহয় পেহীয়েকৰ পৰিয়াল।

    “আপোনা লোকৰ ওচৰত মোৰ এটাই অনুৰোধ যাতে মোক আশ্ৰয় দিয়া পেহীহতঁৰ পৰিয়ালটোৱে কষ্ট নাপায় ৷

    তেওঁলোক মোৰ বাবেই সংকটত পৰিছে ৷ তেওঁলোক কোৱাৰেন্টাইনৰ সময়ত কষ্ট নোপোৱাৰ বাবে ব্যৱস্থা কৰিব বুলি আশা কৰিলো৷

    মোৰ মা- দেউতাও যাতে কষ্ট ভোগ কৰিব লগা নহয়, তাৰ প্ৰতিও সকলোৱে লক্ষ্য ৰাখিব বুলি আশা ৰাখিলো৷”

    আনহাতে ইতিমধ্যে চিকিৎসকজনৰ পেহীয়েকৰ পৰিয়ালটোৰ লগতে তেওঁৰ পিতৃ মাতৃকো চিকিৎসা বিভাগে কোৱাৰেন্টাইন কৰাৰ লগতে স্বাৱা পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং