17 C
Guwahati
Saturday, December 4, 2021
More

    অসম চাহ নিগমৰ বাগিচাৰ স্বাস্থ্য বিভাগৰ দুৰৱস্থাৰ বাবে পুনৰ শ্ৰমিকৰ মৃত্যু

    মিকসকলে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় বৰ্তমান অসম চৰকাৰৰ ATC বাগিচা সম্পূৰ্ণ ৰূপে মৃতপ্ৰায় আৰু বাগিছাৰ শ্ৰমিকৰ প্ৰতি সম্পূৰ্ণ ৰূপে গা এৰা মনোবৃত্তি প্ৰকাশ কৰিছে চৰকাৰ তথা জনপ্ৰতিনিধিয়ে

    স্বাস্থ্য বিভাগৰ দুৰৱস্থাৰ বাবে মৰিয়নীৰ ঢেকিয়াজুলী চাহ বাগিছাৰ এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু৷ মৃত শ্ৰমিক গৰাকীৰ নাম অজিত তাচা (৪৩)৷ অজিতৰ ঘৰ ঢেকিয়াজুলী চাহ বাগিছাৰ হস্পিতাল লাইনত৷

    মঙলবাৰে দিনৰ ভাগত পেটৰ বিষ হোৱাত বাগিছাৰ চিকিৎসালয়লৈ অজিতক লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত কোনো চিকিৎসাক তথা প্ৰাথমিক চিকিৎসা প্ৰদানৰ ঔষধো নথকাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে ৰুগী গৰাকীক উন্নত চিকিৎসাৰ বাবে বাগিছাৰ বাহিৰলৈ অনাত পলম হোৱাৰ বাবে অজিতৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে বাগিছাৰ শ্ৰমিক আৰু পৰিয়ালৰ লোকে৷

    যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা অজিতৰ মৃতদেহ বাগিছাৰ শ্ৰমিকে ওভতাই আনি বাগিচাৰ চিকিৎসালয়ত প্ৰায় ৪ ঘন্টাৰ অধিক সময় ৰাখি থয়৷ যদিও কোনো বাগিছাৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ লোক উপস্থিত নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে বাগিছাৰ লোক সকলে৷ শ্ৰমিকসকলে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় বৰ্তমান অসম চৰকাৰৰ ATC বাগিচা সম্পূৰ্ণ ৰূপে মৃতপ্ৰায় আৰু বাগিছাৰ শ্ৰমিকৰ প্ৰতি সম্পূৰ্ণ ৰূপে গা এৰা মনোবৃত্তি প্ৰকাশ কৰিছে চৰকাৰ তথা জনপ্ৰতিনিধিয়ে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং