27 C
Guwahati
Wednesday, June 29, 2022
More

    লামডিঙত বিধ্বংসী অগ্নিকাণ্ড; নিমিষতে ছাই হ’ল এটা পৰিয়ালৰ বাসগৃহ

    লামডিঙত বিধ্বংসী অগ্নিকাণ্ড; নিমিষতে ছাই হ’ল এটা পৰিয়ালৰ বাসগৃহ

    লামডিঙত বিধ্বংসী অগ্নিকাণ্ড। লামডিং হৰুলংফাৰ দেশবন্ধু পল্লীত জুইত জাহ গ’ল এটি পৰিয়ালৰ বাসগৃহ৷

    সন্ধ্যা দে’ নামৰ মহিলাগৰাকীৰ বোৱাৰীয়েকে বাসগৃহত গেছত ভাত ৰান্ধি থাকোতেই প্ৰথমে গেছৰ চিলিণ্ডাৰত জুই লাগে৷

    চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও জুই নুমুৱাব নোৱাৰাত চিলিণ্ডাৰটো বিস্ফোৰণ হয়।

    নিমিষতে সম্পূৰ্ণ বাসগৃহটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে।

    স্থানীয় ৰাইজৰ তৎপৰতাত জুই বহু পৰিমানে নিয়ন্ত্ৰণলৈ আনে যদিও সমগ্ৰ বাসগৃহটো জ্বলি ভস্মীভূত হয় ৷

    ঘটনাস্থলীত লামডিং আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও সেই সময়লৈ জুই প্ৰায় নিৰ্বাপন হয়।

    অগ্নিকাণ্ডৰ ফলত বাসগৃহটোৰ লগতে কেইবা লক্ষাধিক সা-সম্পত্তিও জাহ যায়।

    Photo: Time8

    Input: Bappi Malakar

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং