26 C
Guwahati
Friday, November 26, 2021
More

    বিবাদৰ ভয়ংকৰ পৰিণতি, শোৱা পাটিতে টুকুৰা টুকুৰকৈ কাটিলে দুৰ্বৃত্তই

    পত্নীৰ সমুখতেই তেজেৰে লুটুৰি পুটুৰি অৱস্থাত মৃতদেহ পেলাই থৈ যায় হত্যাকাৰীৰ দলে

    এইবাৰ সীমা বিবাদৰ বাবে নহয় এটা পথক লৈহে বিবাদ। আৰু এই পথ বিবাদৰ পৰিণতি অতিকে ভয়ংকৰ। শোৱা পাটিতেই নিদ্ৰাৰত অৱস্থাত থকা এজনক টুকুৰা টুকুৰকৈ কাটি থৈ যায় দুষ্কৃতিকাৰীয়ে।

    দেশত এফালে যদি কৰ’ণাই মাৰিছে আনফালে লকডাউনৰ ফলত খাবলৈ নপোৱা অৱস্থা। পিছে এনে কঠিন পৰিস্থিতিতো কিছুমান মানুহে এৰা নাই হিংসা। লকডাউনৰ মাজতেই কৰিমগঞ্জত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। যোৱা নিশা ২টা মান বজাত নজৰুল ইসলাম নামৰ ব্যক্তিজনক ঘৰত সোমাই হত্যা কৰে কোনো দুষ্কৃতিকাৰীয়ে।

    জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ গান্ধাই অঞ্চলত সংঘটিত হৈছে এনে ঘটনা। জানিব পাৰা মতে ভুমি সংক্ৰান্ত বিষয় লৈ নজৰুলৰ সৈতে পূৰ্বৰে পৰাই সংঘাত চলি আছিল গাঁওৰ আন এটা পক্ষৰ। পিছে নিহত নজৰুলৰ আত্মীয়ৰ মন্তব্য অনুসৰি, এটি পথৰ বিবাদ লৈ যোৱাকালি আদালতত গোচৰ তৰিছিল নজৰুলে।

    ঘটনাৰ সময়ত নজৰুলৰ পত্নীয়ে চেহৰীৰ বাবে খাদ্য তৈয়াৰত ব্যস্ত আছিল পাকঘৰত। সেই সময়তে শোৱা কোঠালীৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনি গৈ দেখে স্বামীক কেইজন মানে মিলি কুঠাৰৰে আঘাত হানি আছে। আৰু পত্নীৰ সমুখতেই তেজেৰে লুটুৰি পুটুৰি অৱস্থাত নজৰুলক পেলাই থৈ যায় হত্যাকাৰী সকলে।

    আজি দিনৰ ভাগত পত্নী ৰেহানা বেগমে ঘটনা সন্দৰ্ভত প্ৰায় ১২ গৰাকীমান লোকক চিনাক্ত কৰি নিলামবজাৰ থানাত গোচৰ তৰে। গোচৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ। পিছে আনহাতে বৰ্তমানলৈকে আৰক্ষীয়ে এজনো লোকক খবৰ লাভ হোৱা নাই।

    Photo Credit: @soumyajitpurkayastha

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং