14 C
Guwahati
Sunday, January 23, 2022
More

    মুম্বাইৰ পৰা চাইকেলেৰে ৰাওনা শোণিতপুৰৰ এটা শ্ৰমিকৰ দলৰ

    চৰকাৰৰ পৰা কোনো সহাঁৰি নাপাই অৱশেষত চাইকেলৰে যাত্ৰা দলটোৰ

    কেন্দ্ৰই বৰ্তমানে দেশত প্ৰৱাসী শ্ৰমিক সকলৰ বাবে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে যদিও বৰ্তামানেও বহু লোক এতিয়াও দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে। কিছুমানে চৰকাৰৰ আঁচনিৰ বিষয়ে জ্ঞাত নহয় আৰু আন কিছুমানে এই আঁচনিৰ বিষয়ে জানিও কোনো ধৰণৰ লাভ উঠাব পৰা নাই। আৰু আন কিছুমানক চৰকাৰে কোনো ধৰণৰ সহায় কৰিব পৰা নাই।

    তেনেই এক ধৰণৰ অৱস্থা হৈছে মুম্বাইত আৱদ্ধ হৈ থকা অসমৰ এটা শ্ৰমিকৰ দলৰ লগত। চৰকাৰৰ পৰা কোনো সহাঁৰি নাপাই অৱশেষত মুম্বাইৰ পৰা চাইকেলৰে ৰাওনা হৈছে অসমলৈ।

    এই শ্ৰমিকৰ দলটো অসমৰ শোণিতপুৰ জিলাৰ৷ বৰ্তামানে চাইকেলেৰে যাত্ৰা অব্যাহত ৰাখা দলটোৰ এটাই আহবান- “আমাক একো সহায় নকৰিলেও বাটত যাতে আৰক্ষীয়ে বাধা নিদিয়ে”৷

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং