15.3 C
Guwahati
Monday, November 29, 2021
More

    নলবাৰীত টিকটক বনাই পিতৃ-মাতৃক নিজৰ আত্মহত্যাৰ খবৰ দিলে যুৱতীয়ে

    কৰ’ণা আতংকৰ মাজতে নলবাৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। প্ৰেমৰ বাবেই আত্মহত্যাৰ পথ বাচি ল’লে এগৰাকী যুৱতীয়ে।

    মৃত্যুৰ পূৰ্বে টিকটকত ভিডিঅ’ কৰি যুৱতীৰ আত্মহত্যা। টিকটক কৰি ক’লে ‘দেউতা মা তোমালোকক বহুত ভাল পাওঁ’। ভাইটিক ভালকৈ পঢ়াবা। মৰিব ভয় লাগে। কিন্তু কি কৰিম। বহু ভাল পাইছিলো তাক।’

    এইদৰে মনৰ দুখ প্ৰকাশ কৰি পৃথিবী এৰি গুচি গল নলবাৰীৰ এগৰাকী যুৱতীয়ে। ৰে’লৰ আগত পৰি আত্মহত্যা কৰিলে যুৱতীগৰাকীয়ে।

    নলবাৰী বৰকুৰা ৰে’ল গেটত সংঘটিত হয় এই শোকাবহ ঘটনা। বৰকুৰাত উজনি মুৱা শ্ৰমিক এক্সপ্ৰেছৰ আগত পৰি আত্মহত্যা কৰিলে যুৱতীয়ে।

    যুৱতীগৰাকী নলবাৰীৰ বৰকুৰিহাৰ ৰবীন কলিতাৰ একমাত্ৰ জী আছিল বুলি জানিব পৰা গৈছে। গোৰেশ্বৰৰ বীৰেন কাকতি নামৰ এজন যুৱকৰ লগত আছিল প্ৰেম।

    কালি বীৰেন আহিছিল বন্দনাৰ ঘৰলৈ। আৰু বন্দনাৰ ঘৰৰ পৰা উভতি গৈ বীৰেনে নিশা কৰিলে আত্মহত্যা।

    বীৰেনৰ আত্মহত্যাৰ খবৰ শুনিয়ে ব্যথিত যুৱতীগৰাকীয়ে ল’লে চৰম পথ। ঘটনা স্থলীত উপস্থিত হৈছে ৰে’ল আৰক্ষী আৰু নলবাৰী আৰক্ষী।

    বন্দনা কলিতাৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ নলবাৰীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নলবাৰী আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং