20.6 C
Guwahati
Friday, March 31, 2023
More

    ঘৰৰ ভিতৰত উদ্ধাৰ কিশোৰীৰ মৃতদেহ; হত্যা নে আত্মহত্যা ?

    পিতৃক দোষাৰোপ কৰি লিখা ছুইচাইড নোটখন উদ্ধাৰৰ পাছতে ঘটনাই সৃষ্টি কৰিছে অধিক ৰহস্যৰ

    তিতাবৰ জোনাকী মণ্ডল গাঁৱত এগৰাকী কিশোৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাসগৃহৰ ভিতৰত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ মৃতদেহ।ডিঙিত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হোৱা ৰিমঝিম দাস নামৰ(১৪)কিশোৰীগৰাকীৰ মৃত্যুক, হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই। ইতিমধ্যেই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

    ঘটনা অনুসৰি ঘৰত অকলশৰে আছিল ছাত্ৰীগৰাকী। তেনে সময়তে নিজা গৃহত উপস্থিত হৈ মাতৃ গৰাকীয়ে প্রত্যক্ষ কৰে নিজ কন্যাৰ মৃতদেহ।এই ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে বাসগৃহৰ পৰা এজন লোক পলায়ন কৰা প্ৰত্যক্ষ কৰে ৰিমঝিমৰ মাতৃয়ে।পৰৱৰ্তী সময়ত মাতৃগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে কৰায়ত্ত কৰে অশোক তুৰোং নামৰ এজন লোকক। ইফালে কিশোৰীগৰাকীৰ লগত উদ্ধাৰ হৈছে এখন ছুইচাইড নোট।

    পিতৃক দোষাৰোপ কৰি লিখা ছুইচাইড নোটখন উদ্ধাৰৰ পাছতে ঘটনাই সৃষ্টি কৰিছে অধিক ৰহস্যৰ।ইফালে মৃতদেহটো প্ৰত্যক্ষ কৰি এই ঘটনা এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে যদিও মৃতদেহৰ লগত উদ্ধাৰ হোৱা ছুইচাইড নোটখনে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা।

    সম্প্ৰতি পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অশোক তুৰোং আৰু গুপ্ত দাস নামৰ দুজন লোকক ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হব ঘটনাৰ প্ৰকৃত ৰহস্য।

    Graphics: Time8

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং