29 C
Guwahati
Saturday, October 23, 2021
More

    বঙাইগাঁৱত আই নৈৰ বালিচৰত পুতি থোৱা অৱস্থাত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণৰ সন্দেহ

    পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে বালিচৰত এযোৰ চেণ্ডেল, তেজৰ চেঁকুৰা আৰু খান্দি থোৱা এটা গাঁত প্ৰত্যক্ষ কৰে৷ এনে অৱস্থাত গাঁতটোত কাৰোবাক হত্যা কৰি পুতি থোৱা বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে

    বঙাইগাঁৱত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা৷ জিলাখনৰ মাণিকপুৰ থানাৰ অধীনৰ জাৰাগুৰী সংযোগী আই নৈৰ বালিচৰত সংঘটিত হৈছে এই ঘটনা৷ পুৱা আই নৈৰ বালিচৰত পুতি থোৱা অৱস্থাত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পুৱা প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে বালিচৰত এযোৰ চেণ্ডেল, তেজৰ চেঁকুৰা আৰু খান্দি থোৱা এটা গাঁত প্ৰত্যক্ষ কৰে৷ এনে অৱস্থাত গাঁতটোত কাৰোবাক হত্যা কৰি পুতি থোৱা বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে৷

    পিছত ঘটনাস্থলীত দণ্ডাধীশ, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ দল এটা উপস্থিত হৈ গাঁতটোৰ পৰা যুৱতী এগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ যুৱতীগৰাকীৰ কাপোৰ-কানি অসংযত অৱস্থাত থকাত এয়া ধৰ্ষণকাণ্ড সংঘটিত কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে৷ অচিনাক্ত মৃতদেহটো সম্প্ৰতি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰখা হৈছে৷ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত৷ আৰক্ষীৰ তদন্ত আৰম্ভ

    • বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়ৰ প্ৰতিবেদন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং