23 C
Guwahati
Sunday, March 19, 2023
More

    বৃহৎ ৰহস্য ফাদিল, সুশান্তৰ মৃত্যুৰ সময়ত তেওঁৰ ঘৰত উপস্থিত আছিল এজন বন্ধু

    অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ১৫ দিন পাৰ হোৱাৰ পিছতো উচ্চ তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে। এই তদন্ততেই পোহৰলৈ আহিছে এক বৃহৎ সত্য।

    ফাদিল হৈছে এক ৰহস্যৰ। সুশান্তৰ মৃত্যুৰ সময়ত তেওঁৰ ঘৰত উপস্থিত আছিল এজন বন্ধু। পিছে কোন এই বন্ধু? কি কৰি আছিল সেই সময়ত।

    সুশান্তৰ আত্মহত্যাৰ পিছত সেই বন্ধুৰ হাত আছে নেকি? বহু প্ৰশ্নই উত্থাপিত হৈছে এতিয়া।

    আনহাতে আন এক কথা পোহৰলৈ আহিছে। মৃত্যুৰ পূৰ্বে গুগলত কিবা বিচাৰিছিল সুশান্তই।

    আত্মহত্যাৰ পিছত আৰক্ষীয়ে সুশান্তৰ কোঠালী তালাচী চলাওতে কিছু ব্যক্তিগত সামগ্ৰী তদন্ত বাবে নিয়ে আৰু সেইবোৰ ফৰেনছিকলৈ প্ৰেৰণ কৰিছিল তথ্য পাবলৈ।

    তাতেই সুশান্তৰ মোবাইলটো পৰীক্ষা কৰোতে আহিছে এই খবৰ। মৃত্যুৰ পূৰ্বে গুগলত নিজৰ নাম টাইপ কৰিছিল আৰু সেই বিষয়ে চাৰ্চ কৰিছিল।

    টিঅ’আইৰ ৰিপৰ্ট অনুসৰি পুৱা ১০ বাজি ১৫ মিনিটত নিজৰ সম্পূৰ্ণ নাম টাউপ কৰি চাৰ্চ কৰিছিল। লগতে আৰ্টিক্লাছৰ বিষয়েও কিছু চাৰ্চ কৰিছিল।

    তাৰ পিছতেই গুগলত নিজৰ বিষয়ে সকলো ভালদৰে চাই মেলি কিছু সময় পিছতেই নিজকে শেষ কৰি দিয়ে।

    আনহাতে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিথানীক কালি বুধবাৰে ১ জুলাইৰ দিনা কেইবাঘণ্টা ধৰি চলা সোধপোচত এই কথা পোহৰলৈ আহিছে যে সুশান্তৰ আত্মহত্যাৰ সময়ত এপাৰ্টমেণ্টটোত তেওঁ উপস্তিত আছিল।

    সুশান্ত আৰু সিদ্ধাৰ্থ দুয়ো ভাল বন্ধু। একেলগে কাম কৰে দুইয়ো। সিদ্ধাৰ্থ সুশান্তৰ ক্ৰিয়েটিভ কণ্টেণ্ট মেনেজাৰ।

    সুশান্তৰ অনুৰাগীসকলে এই আত্মহত্যা এক ৰহস্য ঘনিভূত হৈ থকা হত্যাকাণ্ড বুলি অবিহিত কৰিছে।

    Photo Credit: @itsSSR

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং