25 C
Guwahati
Thursday, October 21, 2021
More

    হৃদয় বিদাৰক দৃশ্য, মৃত মাকৰ ওচৰত সহাৰি বিচাৰি এটি কনমানি সোণালী বান্দৰৰ পোৱালী

    শক্তি বিভাগৰ গাফিলতিৰ বাবে অকাল মৃত্যুক সাৱতিব লগা হয় মাইকী সোণালী বান্দৰটোৱে

    এক কৰুণ দৃশ্য৷ মাকৰ পৰা গাখীৰ খাব বিছাৰিছে এটি কনমানি সোণালী বান্দৰৰ পোৱালীয়ে৷ মাকৰ সহাৰি বিচাৰি হাহাকাৰ কৰিছে পোৱালীটোৱে৷ এবাৰ যদি মাকৰ ওৰাহত মুখ দিব বিচাৰিছে অন্য এবাৰ আকৌ মাকৰ ওপৰতে নিজেও শুই পৰিছে। পিছে ওচৰতে থকা মাকৰ নাই কোনো সহাৰি। কিয়নো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু অৱস্থাত পৰি আছে মাক।

    এই হৃদয় বিদাৰক দৃশ্যটো বঙাইগাঁৱৰ৷ বঙাইগাঁৱৰ কাকৈজানা উজান ৰাভা পাৰাত শক্তি বিভাগৰ গাফিলতিৰ বাবে অকাল মৃত্যুক সাৱতিব লগা হয় ৫ মহীয়া পোৱালী থকা এই মাইকী সোণালী বান্দৰটোৱে। বিদ্যুৎস্পৃষ্ট হৈ ওপৰৰ পৰা মাটিত সৰি পৰি কৰুণ মৃত্যু হয় দুষ্প্ৰাপ্য বান্দৰটোৰ৷ এই কৰুণ দৃশ্যই সমগ্ৰ গাওঁবাসীক ম্ৰিয়মান কৰি তোলে।

    পৃথিৱীৰ বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ ৰম্যভূমি হিচাবে পৰিচিত বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল৷ কিন্তু খাদ্যৰ সন্ধানত গাঁৱলৈ ওলাই অহাৰ ফলত প্ৰায়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোৱালী ল’ব লগা হয় সোণালী বান্দৰবোৰে৷ কালি আবেলিও উজান ৰাভাপাৰাত এটি পোৱালীৰ সৈতে খাদ্যৰ সন্ধানত ওলাই অহাৰ পাছতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় মাইকী সোণালী বান্দৰটোৰ৷

    পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত সোণালী বান্দৰটো উদ্ধাৰ কৰি অভয়াপুৰীস্থিত কাৰ্যলয়লৈ যায়৷ আনহাতে পোৱালীটোকো গাঁওবাসীয়ে বান্দৰৰ জাকটোক গতাই দিবলৈ সমৰ্থ হয়।

    Photo: @Prasanta Ray

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং