27 C
Guwahati
Thursday, October 14, 2021
More

    তিতাবৰত চিকিৎসকৰ মহানুভৱতা; কান্ধত তুলি আনিলে ৰোগীক

    চিকিৎসক দুলেন বৰাই ২০০ মিটাৰ পথ ৰোগীগৰাকীক কান্ধত তুলি আনে

    তিতাবৰত এগৰাকী চিকিৎসকৰ মহানুভৱতাই সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বৰহোলা বাগিচাৰ চম্পা গড় নামৰ এগৰাকী শ্ৰমিকৰ বেমাৰ হৈ থকা গম পাই শ্ৰমিকগৰাকীৰ ঘৰত উপস্থিত হয় দুলেন বৰা নামৰ চিকিৎসকগৰাকী। তিতাবৰ বৰহোলাৰ সামূহিক চিকিৎসালয়ৰ চিকিৎসক দুলেন বৰা।

    প্ৰথমে তেওঁ শ্ৰমিকগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। কিন্তু বাগিচাৰ সৰু পথৰ বাবে এম্বুলেঞ্চ সোমাব নোৱাৰাত চিকিৎসক দুলেন বৰাই ২০০ মিটাৰ পথ ৰোগীগৰাকীক কান্ধত তুলি আনে। এগৰাকী ৰোগীৰ প্ৰতি চিকিৎসকে দেখুওৱা এনে কাৰ্যক সকলোৱে একমুখে শলাগিছে।

    Photo Credit:@sajidhussain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং