21 C
Guwahati
Sunday, October 24, 2021
More

    ঢেকীয়াজুলিত দিব্যাংগ দুলেশ্বৰে উদ্ভাৱন কৰিলে মটৰচালিত এখন বিশেষ চাইকেল

    এই বিশেষ চাইকেলখন সাজি উলিয়াওঁতে প্ৰায় ১০ হাজাৰ টকা ব্যয় হোৱা বুলি জানিবলৈ দিয়ে। চাৰিটা বেটাৰী সংযুক্ত এই চাইকেলখনে ১ ঘন্টাত ২০-৩০ কি:মি:লৈকে চলিব পাৰে

    সৃষ্টিশীল বৈজ্ঞানিক চিন্তাধাৰাৰ অধিকাৰী এজন দিব্যাংগ। এই দিব্যাংগ কিশোৰজনৰ নাম দুলেশ্বৰ সৎনামী । ১৭ বছৰীয়া দুলেশ্বৰ সৎনামীয়ে আৱিষ্কাৰ কৰিলে মটৰচালিত এখন বিশেষ চাইকেল। দিব্যাংগ হোৱাৰ পিছতো দুলেশ্বৰে এতিয়া আনক দিব পাৰিছে প্ৰেৰণা , ইয়াকলৈ গৰ্বিত অঞ্চলবাসী । ঢেকীয়াজুলি সমষ্টিৰ মিছামাৰীৰ বাঁহবেৰাৰ কাৰ্তিক সৎনামী আৰু প্ৰমেশ্বৰী সৎনামীৰ পুত্ৰ দুলেশ্বৰে বহু কষ্টেৰে সাজি ওলোৱা এই মটৰ সংযোজিত চাইকেলৰ আৱিস্কাৰে দুলেশ্বৰৰ বৈজ্ঞানিক বুদ্ধিমত্তাৰ প্ৰমাণ দিছে।

    এই বিশেষ চাইকেলখন সাজি উলিয়াওঁতে প্ৰায় ১০ হাজাৰ টকা ব্যয় হোৱা বুলি জানিবলৈ দিয়ে। চাৰিটা বেটাৰী সংযুক্ত এই চাইকেলখনে ১ ঘন্টাত ২০-৩০ কি:মি:লৈকে চলিব পাৰে। প্ৰায় দুমাহজোৰা কষ্টৰ বলত এই মটৰচালিত চাইকেলখন আজিৰ পৰা প্ৰায় তিনিমাহ পূৰ্বে সাজি উলিয়াইছিল দুলেশ্বৰে। কেৱল এয়াই নহয়,বিভিন্ন কাৰিকৰী কৌশলৰ অধিকাৰী দুলেশ্বৰ। এই বিশেষ চাইকেলখনত বৈদ্যুতিক মটৰ,গতি নিয়ন্ত্ৰণ আদি বৈদ্যুতিক সামগ্ৰী সংযোজনৰে মটৰ চাইকেলৰ দৰেই সাজি উলিয়াইছে দুলেশ্বৰে। কিশোৰজনৰ এনে বৈজ্ঞানিক চিন্তাধাৰাক লৈ গৰ্বিত স্থানীয় সচেতন ৰাইজ।

    দুলেশ্বৰৰ এনে কাৰিকৰী দক্ষতাৰ বিকাশৰ বাবে অসম চৰকাৰক আহ্বান জনায় এগৰাকী স্থানীয় সমাজ সেৱকে। দুলেশ্বৰে সকলো সময়তেই বৈজ্ঞানিক সৃষ্টিশীল চিন্তাধাৰাৰে সকলো কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰে। কিন্তু দূৰ্ভাগ্য যে, তৃতীয়লৈকে অধ্যয়ন কৰা দূলেশ্বৰে মূখেৰে মাতিব নোৱাৰে ।ইংগিতৰেই সকলো কাম সমাধা কৰে দূলেশ্বৰে ।তদুপৰি দিব্যাংগৰ প- পত্ৰৰ থকাৰ পাছতো সমাজ কল্যাণ বিভাগটোৰ পৰা আজিলৈকে কোনো সহায় দূলেশ্বৰে লাভ কৰিবলৈ সক্ষম নহ’ল।

    Photo Credit:@amalnath

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং