22 C
Guwahati
Thursday, December 1, 2022
More

    কৰিছিল ডকাইতি,ধৰা পেলোৱাত ওলোটাই ৰাইজকে কৰিছিল আক্ৰমণ;তাৰপিছত?

    ৩ মাহ ধৰি প্ৰতি নিশাই এটাৰ পিছত এটা ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছিল শিলচৰ সোণাবাৰীঘাটত

    শিলচৰত গণৰোষত মৃত্যু হ’ল এটা কুখ্যাত ডকাইতৰ৷ শিলচৰ সোণাবাৰীঘাটত ৰাইজৰ গণপ্ৰহাৰত নিহত হয় ত্ৰাসসৃষ্টিকাৰী মায়াজুল হক লস্কৰ নামৰ ডকাইতটোৰ ৷ বিগত বহুগিন ধৰি সোণাই অঞ্চলসহ ধলাইৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাইছিল ডকাইতিৰ ঘটনা৷ যোৱা তিনি মাহ ধৰি প্ৰতি নিশাই এটাৰ পিছত এটা ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছিল ৷ ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত ৰাইজ ভীতিগ্ৰস্ত হোৱাৰ লগতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল৷

    শনিবাৰে সন্ধিয়া সোণাবাৰীঘাটৰ স্থানীয় বজাৰত মায়াজুলে এখন বাইক চুৰি কৰাৰ সময়ত ৰাইজে হাতেলোটে ধৰে কিন্তু মায়াজুলে চোকা অস্ত্ৰৰে ৰাইজক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল৷ তাতেই ৰাইজ উত্তেজিত হৈ মায়াজুলক খেদি খেদি প্ৰহাৰ কৰে৷

    ৰাইজৰ গণপ্ৰহাৰত ঘটনাস্থলীতেই মৃত্যু হয় মায়াজুলৰ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কুখ্যাত ডকাইতজনৰ মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে তিনি মাহ পূৰ্বে জে’লৰ পৰা উভতি আহিছিল মায়াজুল৷ মুকলি আকাশৰ তললৈ মায়াজুল অহাৰ লগে লগে উক্ত অঞ্চলটোত ডকাইতৰ ঘটনা অধিক বৃদ্ধি পাইছিল৷

    Photo Credit:@yasinmazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং