26 C
Guwahati
Saturday, September 24, 2022
More

    মৃত্যুৰে যুঁজ চুঙাজানৰ ২ বছৰীয়া কণমানি দেৱশিশুৰ; ৰাইজলৈ সহায়ৰ আহ্বান পিতৃ-মাতৃৰ

    কেইবামাহো ধৰি বিচনাতে কষ্টকৰ জীৱন কটোৱা প্ৰতীক্ষা নামৰ শিশুটি বৰ্তমান চেন্নাইৰ এপ'ল চিকিৎসালয়ত চিকিৎসাধীন

    গোলাঘাটৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ হেজাৰী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়াললৈ হঠাৎ নামি আহিল কাল অমানিশা। আৰ্থিক অভাৱৰ বাবে মৃত্যুৰ সৈতে যুঁজিছে এটি ২ বছৰীয়া কণমানি দেৱশিশুৱে। কেইবামাহো ধৰি বিচনাতে কষ্টকৰ জীৱন কটাইছে প্ৰতীক্ষা নামৰ শিশুটোৱে। বৰ্তমান চেন্নাইৰ এপ’ল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দিগন্ত বৰাৰ দ্বিতীয় কন্যা প্ৰতীক্ষা বৰা নামৰ শিশুটো।

    দেউতাক দিগন্ত বৰাই ঘৰৰ গৰু-ছাগলী, সা-সাম্পত্তি লগতে মাটি বাৰী বিক্ৰী কৰি বৰ্তমানেও শিশুটিৰ চিকিৎসা অব্যাহত ৰাখিছে।স্থানীয় আত্মসহায়ক গোট সমূহৰ পৰাও লৈছে ঋণ তথাপি প্ৰয়োজন হৈ পৰিছ টকাৰ। অসহায় পিতৃ-মাতৃয়ে এতিয়া কেৱল সন্তানৰ এনে অৱস্থা দেখি প্ৰতি মূহুৰ্তত টুকিছে চকুলো।

    এতিয়া প্ৰতীক্ষাক প্ৰয়োজন কেৱল আপোনাৰ সহায়। পৰিয়ালটোৱে বহু আশাৰে বাট চাইছে চৰকাৰলৈ কাতৰ অনুৰোধ আমাক সহায় কৰা। আনহাতে অসমবাসীৰ ওচৰত কৰযোৰে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। কোনো লোকে যদি সহায় কৰিব বিচাৰে তেন্তে সৰুপথাৰ শাখাৰ State Bank of Indiaৰ মাতৃ জুলি বৰাৰ নামত থকা 37250023937 নম্বৰৰ IFSC:- SBIN0002123 অথবা ৯৩৬৫১৪৩০৭৫ যোগাযোগ কৰিবলৈ অসমবাসীক কাতৰ অনুৰোধ জনাইছে।

    Photo Credit:@nobinbora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং