26 C
Guwahati
Friday, March 31, 2023
More

    ১ লাখ ৭০ হাজাৰত বিক্ৰী কৰি দিয়া অসমৰ শিশু অৰুণাচলত উদ্ধাৰ; পলাতক শিশু সৰবৰাহকাৰী

    অৰুণাচলী মহিলাৰ হাতত বিক্ৰী কৰিছিল শিশুটি

    অসমৰ এটি শিশু উদ্ধাৰ হৈছে অৰুণাচলত । শিশু সৰবৰাহকাৰীয়ে ১লাখ ৭০হাজাৰত অৰুণাচলী মহিলাৰ হাতত বিক্ৰী কৰিছিল শিশুটি । উল্লেখ যে, ডেৰ মাহৰ পূৰ্বে শোণিতপুৰ জিলাৰ পাঁচমাইলৰ উৰিয়ামগুৰি গাঁৱৰ ৰহিমা খাতুনক কাম দিয়াৰ প্ৰলোভনেৰে লৈ আহিছিল গহপুৰৰ তিনিকুনিয়ালৈ। ৰহিমাই লগত লৈ আহিছিল ৩ বছৰীয়া নিজৰ কন্যা সন্তানটি । শিশুটিক চুলি কটা আৰু কাপোৰ কিনি দিম বুলি শিশু সৰবৰাহকাৰী দলটোৱে মাকৰ ওচৰৰ পৰা লৈ আহে।

    ইয়াৰ পাছতে শিশু সৰবৰাহকাৰী কলিয়াভোমোৰাৰ আজিজুল, গহপুৰৰ তিনিকুনীয়াৰ আলাল আৰু তৈয়কে ১ লাখ ৭০হাজাৰ টকাত অৰুণাচলৰ বেং তিনিআলিৰ এগৰাকী মহিলাৰ হাতত বিক্ৰী কৰি দিয়ে শিশুটিক । অৱশেষত শিশুটিক উত্তৰ-পূৰ্ৱাঞ্চল সংখ্যালঘু ছাত্র সন্থাই অৰুণাচলৰ বেং তিনিআলিৰপৰা ডেৰ মাহৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে , শিশু সৰবৰাহকাৰী কেইজন বৰ্তমান পলাতক অৱস্থাত আছে।

    Photo Credit:@moongogoi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং