26 C
Guwahati
Thursday, September 29, 2022
More

    ভূটানত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ২জন পাইলট নিহত

    দুৰ্গম অঞ্চলত ঘন অৰণ্যৰ লগতে ঘন কুঁৱলিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ

    ভূটানত ভাৰতীয় সেনাৰ চেতহ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাটোত ২জন পাইলটে থিতাতে প্ৰাণ হেৰুৱালে। প্ৰাণ হেৰুৱা এজন ভাৰতীয় পাইলট আৰু আনজন ভূটানৰ পাইলট।

    দিনৰ প্ৰায় ১ বজাত সংঘটিত হৈছে এই ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। মৃত এজন শ্বহীদ পাইলট ৰয়েল ভূটান সেনা বিষয়া আৰু আনজন শ্বহীদ পাইলট ভাৰতীয় সেনা।

    দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন IMTRATৰ। ভূটানত IMTRAT ভাৰতীয় সেনাৰ প্ৰশিক্ষণ মিছন। দুৰ্গম অঞ্চলত ঘন অৰণ্যৰ লগতে ঘন কুঁৱলিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ। ভূটানৰ য়ংগফুলা বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং