22 C
Guwahati
Tuesday, October 26, 2021
More

    অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সংবিধান পদত্ত অধিকাৰ দিয়াৰ বাবে কেবিনেটে অনুৰোধ জনাব কেন্দ্ৰক

    বিশ্বনাথ আৰু শিৱসাগৰত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ

    বিজেপিৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত হোৱাৰ পিছতে জনতা ভাৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেট বৈঠকখনত গ্ৰহণ কৰিলে কেইবাটাও সিদ্ধান্ত। সংবিধানৰ ৩৪৫ নং অনুচ্ছেদক সংশোধন কৰি অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সংবিধান পদত্ত অধিকাৰ দিয়াৰ বাবে কেবিনেটে অনুৰোধ জনাব কেন্দ্ৰক। বৰাক উপত্যকা আৰু বড়োলেণ্ডতো অসমীয়া ভাষা সহযোগী ভাষা হিচাপে ৰখাৰ সিদ্ধান্ত গ্ৰহণ।

    এখন বিধেয়কৰ জৰিয়তে ৰাজ্যৰ সকলো মাধ্যমৰ বিদ্যালয়তে দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা হ’ব অসমীয়া ভাষা। বিশ্বনাথ আৰু শিৱসাগৰত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ। সতী সাধনীৰ জন্মদিন ৭ ব’হাগত ৰাজ্যিক বন্ধৰ ঘোষণা চৰকাৰ। অসম চাহ নিগমত কাম কৰা ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ মজুৰি ১৬৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং