10 C
Guwahati
Saturday, January 29, 2022
More

    কৰ’ণা আতংক; শিলচৰ মেডিকেল কলেজত ভৰ্তি এজন আৰ্জেণ্টিনিয়ান

    শিলচৰ ৰে'ল ষ্টেচনত পৰীক্ষা কৰি থকাৰ সময়তে সন্দেহ স্বাস্থ্যকৰ্মীৰ

    শিলচৰ ৰে’ল ষ্টেচনত বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰী সকলৰ পৰীক্ষা কৰি থাকোতেই এজন আৰ্জেণ্টিনাৰ নাগিৰকৰ কৰ’ণা ভাইৰাছৰ সন্দেহ। লগে লগে ব্যক্তিগৰাকীক ১০৮ এম্বুলেঞ্চেৰে শিলচৰ মেডিকেল কলেজত পঠোৱা হয়। ব্যক্তিগৰাকী যোৱা এমাহৰ অধিক সময় ধৰি কৰ’ণা ভাইৰাছ আক্ৰান্ত বহু কেইখন দেশ ভ্ৰমি ভাৰত পাইছিলহি।

    আজি আৰ্জেণ্টিনাৰ লোকজন কাঞ্চনজংঘা এক্সপ্ৰেছেৰে কলকাতাৰ পৰা শিলচৰ আহি পাইছিল। পোৱাৰ লগে লগে ষ্টেচনৰ চিকিৎসকৰ দলটোৱে তেওঁক পৰীক্ষা কৰাত কৰ’ণাত আক্ৰান্তৰ সন্দেহ দেখা দিয়ে আৰু লগে লগে তেওঁক মেডিকেল কলেজত পঠাই দিয়া হয়।

    উল্লেখ্য যে, কাছাৰ জিলা স্বাস্থ্য বিভাগৰ পৰা আন বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইৰ লগতে শিলচৰ ৰে’লৱে ষ্টেচনত আজিৰ পৰা কৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা আৰম্ভ হৈছে। আগৰতলা, গুৱাহাটী, কলকাতা, দিল্লী, দক্ষিণ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ৰে’লৰ যাত্ৰী সকলৰ লগতে ৰে’লৰ কৰ্মচাৰী আৰু ষ্টেচনৰ লোক সকলৰ কৰ’ণা ভাইৰাছৰ প্ৰাথমিক পৰীক্ষা কৰা হৈছে।

    Photo Credit: @yasinmazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং