15 C
Guwahati
Tuesday, January 25, 2022
More

    অত্যধিক সুৰাপান কৰি ১২ বছৰীয়া কিশোৰৰ মৃত্যু লখিমপুৰত

    চিয়াজুলী অঞ্চলৰ গোমনদী আৰু উত্তৰ গোমনদী গাঁৱৰ সৰহসংখ্যক লোক জড়িত অবৈধ মদ ব্যৱসায়ত

    লকডাউনৰ সময়তে এজন কিশোৰ ছাত্ৰৰ মৃত্যুক লৈ লখিমপুৰ জিলাৰ চিয়াজুলীত চাঞ্চল্য।লখিমপুৰৰ চিয়াজুলিত অত্যধিক সুৰাপান কৰি মৃত্যু ১২ বছৰীয়া কিশোৰৰ। নিজৰ ঘৰৰ ভিতৰত শোৱাপাটীতে অস্বাভাৱিকভাৱে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে পিতৃ-মাতৃয়ে। মৃত কিশোৰটো চিয়াজুলিৰ গোমনদী গাঁৱৰ ধুণ্ডা ওৰাঙৰ পুত্ৰ ৰাহুল ওৰাং।

    ১২ বছৰীয়া এই কিশোৰটোৰ মৃত্যু অত্যধিক সুৰাপানৰ ফলত হৈছে বুলি পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে জনিব দিয়ে। কালি নিশাও মদ্যপান কৰি ঘৰলৈ ওভতি আহিছিল কিশোৰজন।কিশোৰৰ মৃত্যুৰ ঘটনাক গাপ দিয়াৰ চেষ্টা পৰিয়ালৰ লগতে স্থানীয় লোকৰ।

    চিয়াজুলী অঞ্চলৰ গোমনদী আৰু উত্তৰ গোমনদী গাঁৱৰ সৰহসংখ্যক লোক জড়িত অবৈধ মদ ব্যৱসায়ত।স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে বগীনদী আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ’ল আৰক্ষী। জিলা প্ৰশাসন, আৰক্ষীৰ অনুপস্থিতিত গাঁওবুঢ়াৰ সাক্ষাততে মৃতদেহৰ সৎকাৰ কৰিলে পৰিয়ালৰ লোকে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং