28 C
Guwahati
Wednesday, October 27, 2021
More

    গোলাঘাটত ৪ মাহে বৃদ্ধৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

    কিশোৰীগৰাকী অন্তঃসত্বা হোৱাতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা

    লকডাউনৰ মাজতে গোলাঘাটত এক অতিকে লজ্জাজনক ঘটনা সংঘটিত হৈছে। ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী ১২ বছৰীয়া কিশোৰী। তাকো চাৰিটা মাহ ধৰি বৃদ্ধিই যৌন আতিশায্য চলাই আহিছিল কিশোৰীগৰাকীক।

    এই নিৰ্লজ্জ ঘটনা সংঘটিতত হৈছে গোলাঘাটৰ কমাৰবন্ধাৰ বকটিয়াল গাঁওত। গাঁওখনৰ নিৰ্বাসী ডিম্বেশ্বৰ শইকীয়া নামৰ বৃদ্ধাগৰাকীয়ে একে পৰিয়ালৰে এগৰাকী ১২বছৰীয়া কিশোৰীগৰাকীক যৌন আতিশয্য চলাই আহিছিলষ যাৰ পৰিণতিত কিশোৰীগৰাকী সম্প্ৰতি ৪ মাহৰ অন্তঃসত্বা হয়।

    দিৰ্ঘদিন ধৰি লম্পট ডিম্বেশ্বৰ শইকীয়াই কিশোৰীগৰাকীক বিভিন্ন সময়ত বিভিন্ত প্ৰলোভন দি লগতে নিতৌ ১০-২০ টকা দি ফুচুলাই ৰাখিছিল। কিন্তু পিছত কিশোৰীগৰাকী অন্তঃসত্বা হোৱাত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

    ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃয়ে কমাৰবন্ধা আৰক্ষী চকীত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু কমাৰবন্ধা আৰক্ষীয়ে লম্পট ডিম্বেশ্বৰ শইকীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    Photo Credit: @rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং