25 C
Guwahati
Thursday, October 21, 2021
More

    ৰাখে হৰি মাৰে কোনে! কৰ’ণাক পৰাস্ত কৰি জীৱন যুদ্ধত জয়ী ১০৬ বছৰীয়া বৃদ্ধা

    ১৯১৩চনত জন্ম হোৱা মহিলাগৰাকী দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হোৱাৰ পাছত এইখন আছিল তেওঁৰ বাবে তৃতীয় বিশ্বযুদ্ধ

    সমগ্ৰ বিশ্ব এতিয়া মাৰাত্মক কৰ’ণা ভাইৰাছৰ কৰাল গ্ৰাসত পৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণৰ ঘটনা। সমগ্ৰ বিশ্বতে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২১,৫৮,৫৯৪। ভাৰতত এই সংখ্যা হৈছেগৈ ১৩,৩৮৭। কৰ’ণাক পৰাস্ত কৰি জীৱন যুদ্ধত জয়ী হোৱা এগৰাকী বৃদ্ধাই দখল কৰিছে সংবাদ শিৰোনাম।

    কৰ’ণাক পৰাস্ত কৰি জয়ী হৈছে বৃটেইনৰ বাৰ্মিংহামৰ ক’নি টিটছেন নামৰ ১০৬ বছৰীয়া বৃদ্ধাগৰাকী। যোৱা মাৰ্চৰ মাজভাগত হঠাতে অসুস্থ হৈ পৰিছিল ক’নি টিটছেন। পৰিয়ালৰ লোকে বাৰ্মিংহামৰ এখন হাস্পতালত ভৰ্তি কৰোৱাইছিল বৃদ্ধাগৰাকীক। প্ৰায় তিনি সপ্তাহ ধৰি চিকিৎসা চলাৰ পাছত বৃদ্ধাগৰাকী সুস্থ হৈ এতিয়া ঘৰলৈ উভতিছে।হাস্পতালখনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে তেওঁক হাত চাপৰি বজাই অভিনন্দন জনায়।

    ১৯১৩চনত জন্ম হোৱা ক’নি টিটছেন দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হোৱাৰ পাছত এইখন আছিল তেওঁৰ বাবে তৃতীয় বিশ্বযুদ্ধ। এই যুঁজত জয়ী হৈ বিজয়ৰ গৌৰৱ অনুভৱ কৰিছে ক’নি টিটছেনে। উল্লেখ্য যে ক’নি এই বয়সতো যথেষ্ট সক্ৰিয়। তেওঁ নাচি ভালপোৱাৰ লগতে চাইকেল চলাই আৰু গল্ফ খেলি ভালপায়।

    তেওঁ সদায় নিজৰ আহাৰ নিজে ৰান্ধি খায় আৰু দৈনিক খোজকাঢ়ে। বয়সক প্ৰাধান্য নিদি শাৰীৰিক ক্ষমতাক অটুট ৰাখিবলৈ কৰা যত্নৰ বাবেই ক’নিয়ে কৰ’ণাৰ দৰে মাৰাত্মক ভাইৰাছকো পৰাস্ত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে ক’নি টিটছেনৰ নাতিনী এলেক্স জন্সে।

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং