25 C
Guwahati
Monday, October 25, 2021
More

    লংকাত ৪৫ বছৰীয়া শিক্ষকৰ কামনাৰ বলি এগৰাকী ৯ বছৰীয়া কিশোৰী

    ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে কাকী থানাত গোচৰ ৰুজু কৰিছে৷ ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষকজনক

    হোজাই জিলাৰ লংকাৰ কাকী ডিমৰুপথাৰ মিলনপুৰ গাঁৱত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ড।

    ঘটনা অনুসৰি শুকুৰবাৰে খেলি থকা অৱস্থাত এগৰাকী ৯ বছৰীয়া কিশোৰীক লৈ গৈ ধৰ্ষণ কৰে ৪৫ বছৰীয়া এজন লম্পট শিক্ষকে।

    একেখন গাঁৱৰে‌ সুকুমাৰ মাৰাক নামৰ লোকজনৰ ঘৰত খেলা-ধুলা কৰি থকা ৯ বছৰীয়া নাবালিকাগৰাকীক ধৰ্ষণ কৰে বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

    ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে কাকী থানাত গোচৰ ৰুজু কৰিছে৷ ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট শিক্ষকজনক।

    পূৰ্বে সংবাদমাধ্যমৰ আগত ধৰ্ষণ কৰাৰ কথা অস্বীকাৰ কৰে যদিও

    পিছত আৰক্ষী জেৰাত সেই কু-কৰ্মৰ কথা স্বীকাৰ কৰে ডিমাও হাছাও জিলাত শিক্ষকতা কৰা লম্পট সুকুমাৰ মাৰাকে৷

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনক সোধা-পোছা অব্যাহত ৰাখিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং