16 C
Guwahati
Monday, November 28, 2022
More

    মাজুলীৰ পৰা বিহাৰলৈ ৪খন বাছেৰে ৰাওনা ৮৫জন শ্ৰমিক

    গাইপতি ৫হাজাৰ টকাকৈ খৰছ কৰি নিজ গৃহলৈ বুলি ৰাওনা হয়

    লকডাউনত মাজুলীত কাম কৰিবলৈ আহি আবদ্ধ হৈ পৰা ৮৫ জন বিহাৰৰ শ্ৰমিকক আজি চাৰিখন বাছেৰে স্বগৃহলৈ প্ৰেৰণ কৰা হয়৷ প্ৰতিজন শ্ৰমিকে গাইপতি পাঁচ হাজাৰ টকাকৈ খৰছ কৰি ৰাওনা হয় বিহাৰত থকা নিজ নিজ ঘৰলৈ বুলি।

    তৃতীয় প্ৰৰ্যায়ৰ লক ডাউনৰ আজি অন্তিম দিন। অন্তিম দিনাই মাজুলী পৰা বিহাৰলৈ ৰাওনা হৈছে কেউজন শ্ৰমিক। মাজুলীৰ বিভিন্ন ইটা ভাটা, গৃহ নিৰ্মাণ আদি কামত নিয়োগ হৈ আছিল শ্ৰমিক কেইজন।

    মাজুলী জিলা প্ৰশাসনে এই শ্ৰমিক সকলক স্বগৃহলৈ যাবলৈ অনুমতি দিছে যদিও জিলা প্ৰশাসনে ভাড়া নিৰ্ধাৰণ কৰি নিদিয়াৰ বাবে কিছু অসুবিধাৰো সন্মুখিন হৈছে শ্ৰমিক সকল৷ সকলোৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত বাছেৰে ঢকুৱাখানা হৈ যাত্ৰা আৰম্ভ কৰে বাছ কেইখনে।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং