27 C
Guwahati
Wednesday, October 13, 2021
More

    ইউটিউবত সকলোতকৈ অধিক উপাৰ্জনকাৰী এটি ৮ বছৰীয়াৰ শিশু

    ২০১৯ চনত নিজৰ ইউটিউব একাউন্টৰ জৰিয়তে উপাৰ্জন কৰিছে প্ৰায় ২৬ লাখ টকা

    ইউটিউবত ভিডিঅ’ বনাই উপাৰ্জন কৰা লোকৰ সংখ্যা বহুতো। তাৰ মাজত কিছুমানে উপাৰ্জন কৰিছে লাখ লাখ টকা আৰু আন কিছুমানে একেবাৰেই পৰা নাই উপাৰ্জনৰ বাট উলিয়াব। পিছে উপাৰ্জন কৰা সকলৰ ভিতৰত কোনে কিমান টকালৈকে উপাৰ্জন কৰিব পাৰে বাৰু? আৰু উপাৰ্জন কৰোতা জনো কিমান বয়সৰ হ’ব পাৰে।

    এইসকলৰ ভিতৰত এইবাৰ সমুখলৈ আহিছে এক এনে ব্যক্তি যিয়ে লাখ লাখ টকা উপাৰ্জন কৰি আছে এই ইউটিউবৰ জৰিয়তে। পিছে সেই বিশেষ ব্যক্তি কোনো ব্যক্তিৰ আসনৰ নহয়, এটি ৮ বছৰীয়া কনমানি শিশুহে। যিয়ে ২০১৯ চনত নিজৰ ইউটিউব একাউন্টৰ জৰিয়তে উপাৰ্জন কৰিছে প্ৰায় ২৬ লাখ টকা।

    ইউটিউবত ৰেয়ান কাজি হিচাপে জনপ্ৰিয় শিশুটিৰ প্ৰকৃত নাম ৰেয়ান গুৱান। ৰেয়ানে অকল ২০১৯ বৰ্ষটোতে নহয় ২০১৮ বৰ্ষতো মুঠ ২২ লাখ টকা উপাৰ্জনেৰে ইউটিউবত উপাৰ্জনকাৰীৰ শীৰ্ষত উপনীত হৈছে।

    Photo Credit: NDTV

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং