25 C
Guwahati
Thursday, October 21, 2021
More

    আৰক্ষীৰে ধনৰ লেনদেন হয় গৰু সৰবৰাহকাৰীৰ! টীয়কত জব্দ ৮খন গৰুভৰ্তি ট্ৰাক

    ২০০০ টকাৰ বিনিময়ত আৰক্ষীয়ে পাৰ কৰাই চোৰাং গৰুৰ বাহন, টীয়ক আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ দল-সংগঠনৰ

    এটাৰ পিছত আনটো গৰু সৰবৰাহৰ ভয়ংকৰ দৃশ্য। প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাকৈ উজনিৰ পৰা সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে গৰু। আৰক্ষীৰ লগত হয় ধনৰ লেনদেনৰ অভিযোগ। টীয়কত জব্দকৃত গৰুভৰ্তি ট্ৰাকৰ ব্যৱসায়ীৰ ভাষ্যই পুনৰ উদঙাইছে অসম আৰক্ষীৰ আচল স্বৰূপ।

    দল-সংঠনৰ লোক

    উল্লেখ্য যে দেওবাৰে সন্ধিয়া ডিমৌৰ ৰাজমাইৰ পৰা নগাঁৱলৈ আহিছিল ৮ খন গৰুভৰ্তি গাড়ী। টীয়ক আৰক্ষীয়ে নিয়মীয়া তালাচীত প্ৰতিখন গাড়ীৰ পৰা বিচাৰে ৩৫০ টকাকৈ। ধন দিবলৈ অমান্তি হোৱাত জব্দ কৰে আটাইকেইখন গাড়ী। এই অভিযোগ শুকুৰ আলি নামৰ এইজন ব্যৱসায়ীৰ।

    ট্ৰাক চালকৰ ভাষ্য

    ২০০০ টকাৰ বিনিময়ত আৰক্ষীয়ে পাৰ কৰাই চোৰাং গৰুৰ বাহন, টীয়ক আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ দল-সংগঠনৰ। এই সন্দৰ্ভত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে দাখিল কৰিছিল এজাহাৰ।

    এজাহাৰত অভিযোগ কোনো তদন্ত নকৰাকৈ টকাৰ বাবাদ অবৈধ গৰু গাড়ীসমূহ এৰি দিয়ে টীয়ক আৰক্ষীয়ে। টীয়ক আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ দিছে সংগঠনটোৰ।

    Photo credit: m.economictimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং