27 C
Guwahati
Wednesday, June 29, 2022
More

    দুষ্প্ৰাপ্য বনগাহৰি হত্যা কৰা ৮জনক খেদি খেদি আটক কুমাৰীকাটা বন বিভাগৰ

    ভূটান সীমান্তত আন জীৱ জন্তুকো হত্যা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৮ জনীয়া দলটোৱে

    তামুলপুৰৰ কুমাৰীকাটাত বন গাহৰি হত্যা কৰা ৮ জন লোকক আটক। লকডাউনৰ সময়ছোৱাত দুষ্প্ৰাপ্য বনৰীয়া গাহৰি হত্যা কৰাৰ লগতে ভূটান সীমান্তত আন জীৱ জন্তুকো হত্যা কৰাৰ প্ৰচেষ্টা অব্যাহত ৮ জনীয়া দলটোৰ।

    জানিব পৰা মতে কুমাৰীকাটা বনাঞ্চলিক বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত বন বিভাগ আৰু এছএছবিৰ যৌথ উদ্যোগত এক গোপন সূত্ৰৰ পম খেদি কুমাৰীকাটাৰ কালানদীৰ বুকুত উপস্থিত হয়৷ ঘটনস্থলীৰ পৰা মৃত বন গাহৰিৰ লগতে ৮ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

    বন বিভাগৰ সূত্ৰই জনোৱা মতে ৮ জনীয়া দলটোত থকা লোক সকলে দিনযোৰা কাৰ্যসূচীৰে ওলাই গৈছিল জংঘললৈ চিকাৰৰ লক্ষ্যৰে।

    আটকাধীন লোক কেইজনৰ নাম বুদ্ধি ৰাম মাৰ্ডি(১৮),চোম মূৰ্মু(১৮,শিৱ কিস্কু( ৪৩),মংগল কিস্কু(১৮),গোবিন বাস্কে(৩২),গোপেশ মূৰ্মু(২০), চোম বাস্কে(৪৩),ৰঞ্জিত মাৰ্ডি (৬০)। আটকাধীন লোককেইজনৰ ওপৰত বন বিভাগৰ লোকে বন আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি বাক্সা জিলা সদৰস্থ মুছলপুৰ আদালতত হাজিৰ কৰায়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং