আপুনি ঘৰৰ বাহিৰলৈ কিবা কামত উলাই যাওতে মাস্ক পৰিধান কৰেনে? যদি এই নিয়ম মনা নাই তেনেহলে সাৱধান৷ নাজিৰাত মাস্ক পৰিধান নকৰাকৈ ৰাজপথলৈ অহা ৮ জন লোকক আটক কৰিছে নাজিৰা আৰক্ষীয়ে৷ নাজিৰা নগৰৰ মাজমজিয়াত কতৰ্ব্যৰত আৰক্ষীয়ে লকডাউনৰ নিয়ম ভংগ কৰি মাস্ক নিপিন্ধাকৈ ৰাজপথলৈ অহা ৮ জন লোকক আটক কৰি গোচৰ ৰুজু কৰিছে৷
মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানলৈ আহি লকডাইন ভংগ কৰা ৮ জন লোকৰ ওপৰত নাজিৰা আৰক্ষীয়ে নিজাববীয়াকৈ162/2020 নম্বৰত গোচৰ ৰুজু কৰি 269/270 আইপিচি আণ্ডাৰ চেকচনৰ অধীনত 51B অফ ডিজিষ্টাৰ মেনেজমেণ্ট চেকচন 3 এপিদেমিক ডিজিজ এক্টৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিছে৷ লগতে কোনে লোক যাতে মাস্ক নিপিন্ধাকৈ ৰাজপথলৈ ওলাই নাহে তাৰো আহ্বান জনাইছে নাজিৰা আৰক্ষীয়ে৷
Input & photo: Bikash Arandhara