26 C
Guwahati
Wednesday, September 28, 2022
More

    মধ্যপ্ৰদেশৰ ৰায়সেনত দলঙৰ ৰেলিং ভাঙি নদীত বাগৰিল বাছ, ৮জন নিহত

    এটি শিশুসহ কেইবাগৰাকী লোকৰ উদ্ধাৰ অভিযান অব্যাহত। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল প্ৰায় ৪৫ গৰাকী যাত্ৰী

    মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা ছতহপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে নদীত। বুধবাৰে নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। ৰায়সেনস্থিত দৰগাহৰ সমীপত ৰিছন নদীৰ দলঙৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত ৮ গৰাকী লোকৰ মৃত্যু হয়। ২০ গৰাকী আহত লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়। এটি শিশুসহ কেইবাগৰাকী লোকৰ উদ্ধাৰ অভিযান অব্যাহত। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল প্ৰায় ৪৫ গৰাকী যাত্ৰী।

    photo credit: bhaskar.com

    কালেক্টৰ উমাশংকৰ ভাৰ্গৱে ক’লে যে ওম ছাই ৰাম ট্ৰেভেলছৰ বাছখন দলঙত থকা বৃহৎ গাঁতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে বাছখন।

    নদীৰ সোঁতৰ বাবে নিশা উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হয়। আৰক্ষীয়ে উদ্ধাৰকাৰী দলৰ সৈতে চলাই আছে অভিযান। নিশা নদীৰ পৰা ৫ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

    photo credit: southasiansnews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং