শনিবাৰে পুৱা শিলিগুৰিৰ ফৰক্কাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। শিলিগুৰিৰ পৰা বেৰহামপুৰ অভিমুখী আৰাধনা নামৰ এখন বাছ আৰু এখন তেল টেংকাৰ মাজত মুখামুখি সংৰ্ঘষ হয়।

পুৱা প্ৰায় ৫.১০ বজাত ফৰক্কাৰ সমীপৰ বালাপুৰত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত নিহত হয় বাছখনৰ ৩ গৰাকী কৰ্মী আৰু ৫ গৰাকী যাত্ৰী। ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হোৱা আটাইকেইজন লোকক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোত নিহত যাত্ৰীকেইগৰাকীৰ ভিতৰত এগৰাকী মহিলা। গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীৰ কন্যা। জাংগিপুৰ হাস্পতালত চিকিত্সাধীন আহত কিশোৰীগৰাকী।